• Home
  • »
  • News
  • »
  • assam
  • »
  • সুদীৰ্ঘ ৩৭টা বছৰৰ পিছত অসম পালেহি আলফা নেতা জীৱন মৰাণ, অসম অৰুণাচল সীমান্তত অসম আৰক্ষীক চমজালে ভাৰতীয় সেনাই

সুদীৰ্ঘ ৩৭টা বছৰৰ পিছত অসম পালেহি আলফা নেতা জীৱন মৰাণ, অসম অৰুণাচল সীমান্তত অসম আৰক্ষীক চমজালে ভাৰতীয় সেনাই

আলফা স্বাধীনৰ বিত্ত সচিব তথা আলফাৰ আটাইতকৈ জ্যেষ্ঠ সদস্য জীৱন মৰাণে নিজৰ স্বাস্থ্যজনিত কাৰণৰ বাবে চলিত সপ্তাহতে আলফাৰ পৰা সন্মানজনক অৱসৰ গ্ৰহণ কৰি নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

  • Share this:
আলফা স্বাধীনৰ বিত্ত সচিব তথা আলফাৰ আটাইতকৈ জ্যেষ্ঠ সদস্য জীৱন মৰাণে নিজৰ স্বাস্থ্যজনিত কাৰণৰ বাবে চলিত সপ্তাহত আলফাৰ পৰা সন্মানজনক অৱসৰ গ্ৰহণ কৰি নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছিল। বুধবাৰে দিনৰ ভাগত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলা হৈ ভাৰতত প্ৰৱেশ কৰে আলফা নেতাগৰাকীয়ে। টিৰাপ জিলাৰ লাজুৰ সমীপৰ নগল নামৰ ঠাইৰ পৰা  সেনাই জিম্মাত লোৱা জীৱন মৰাণক নিশা অৰুণাচল প্ৰদেশৰ অধীনস্থ খুনচাত থকা ভাৰতীয় সেনাৰ থ্ৰী ক'ৰৰ শিবিৰত আশ্ৰয় দিয়ে।

বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত অসমৰ মাটিত ভৰি দিলে তিনিচুকীয়াৰ কাকপথাৰৰ ওৱন গাঁওৰ গুণত ওৰফে গুনধৰ ওৰফে জীৱন মৰাণে। স্বাধীন অসমৰ সপোন বুকুত বান্ধি ১৯৮৪ চনতে তিনিচুকীয়া জিলাৰ কাকপথাৰ ওৱন গাঁওৰ পৰা বন্দুকৰ গুলি কামুৰি ওলাই যোৱা জীৱন মৰাণ আছিল কাচিনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰথম জন আলফা সদস্য।

সেনাৰ অপাৰেচন ৰাইনো আৰু বজৰঙৰ সময়ত অফিচাৰ অন স্পেছিয়েল ডিউটিৰ দায়িত্বত থাকি আলফাৰ সাধাৰণ মুখ্য কাৰ্য্যালয় সুৰক্ষিত ভাবে ৰাখিবলৈ সক্ষম হোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত মুখ্য বৈদেশিক বিষয়া ৰূপে বিভিন্ন ৰাষ্ট্ৰ আৰু সংগঠনৰ লগত যোগাযোগ আগবঢ়াই নিয়াত মুখ্য ভূমিকা লৈছিল জীৱন মৰাণে।

লক্ষণীয় যে, আলফা (স্বাধীন)ৰ জ্যেষ্ঠতম সদস্য তথা সংগঠন এৰাৰ সময়লৈকে সংগঠনটোৰ বিত্ত সম্পাদক মেজৰ জেনেৰেলৰ দায়িত্ব পালন কৰি থকা জীৱন মৰাণে বিগত কিছু বছৰ ধৰি ভুগি আছিল বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপজনিত ৰোগ। গতিকে নিজৰ স্বা্সথ্যৰ কথা চিন্তা কৰি, নিজ পৰিয়াল আৰু মুকলি আকাশৰ তললৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জীৱন মৰাণে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি