உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডত জড়িত ১২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

    ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডত জড়িত ১২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

    ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

    ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

    ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

    • Share this:
    ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ অপৰাধীৰ শাস্তি ঘোষণা। ১২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ।ডিফু সত্ৰ ন্যায়াধীশ আদালতে বিহিলে শাস্তি। ঘটনা সংঘটিত হোৱা সাত বছৰৰ অন্তত ন্যায়ালয়ে দিছিল ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান। কিন্তু শাস্তিৰ ৰায়ক লৈ সন্তুষ্ট নহয় বিপক্ষৰ অধিবক্তা। উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কথা প্ৰকাশ কৰিলে বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই।

    ডিফু সত্ৰ ন্যায়াধীশ সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাণ্ডত ১২ জন লোকক দোষী সাব্যস্ত কৰাৰ লগতে অন্য চাৰিগৰাকীক নিৰ্দোষী ঘোষণা কৰিছিল।

    ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই জঘন্য ঘটনা। অট’ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ উপস্থিতিতে একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ঝংকাৰ শইকীয়াক।

    ১ জুলাইত ঝংকাৰ শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল গুৱাহাটীৰ চিকিৎসালয়ত। এই হত্যাকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে অভিযুক্ত কৰিছিল ১৬ জনক। ইয়াৰ ভিতৰত আছে দুজন আৰক্ষীৰ লোক।
    Published by:Himangshu Bhuyan
    First published: