সাত বছৰৰ অন্তত ন্যায়ালয়ে দিব ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান। কাৰ্বি আংলং জিলাৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাণ্ডত ১২ জন লোকক দোষী সাব্যস্ত কৰাৰ লগতে অন্য চাৰিগৰাকীক নিৰ্দোষী ঘোষণা কৰে। শুকুৰবাৰে ঘটনাত দোষী সাব্যস্ত হোৱা ১২ জন লোকৰ শাস্তি ঘোষণা কৰিব আদালতে। কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আনোৱাৰ উদ্দিন আহমেদৰ বিচাৰপীঠত চলিছিল খৰটকীয়া শুনানি।
২০১৩ চনৰ ২৫ জুনত ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই জঘন্য ঘটনা। অট’ৰিক্সাৰ ভাড়াক কেন্দ্ৰ কৰি আৰক্ষী আৰু পিতৃৰ উপস্থিতিতে একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ঝংকাৰ শইকীয়াক।
১ জুলাইত ঝংকাৰ শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল গুৱাহাটীৰ চিকিৎসালয়ত। এই হত্যাকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে অভিযুক্ত কৰিছিল ১৬ জনক। ইয়াৰ ভিতৰত আছে দুজন আৰক্ষীৰ লোক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 24, 2020, 17:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।