• Home
  • »
  • News
  • »
  • assam
  • »
  • Goalpara : গোৱালপাৰত ৬ চোৰৰ পৰা উদ্ধাৰ প্ৰায় ৪০ লাখ টকাৰ আ–অলংকাৰকে ধৰি আন সামগ্ৰী

Goalpara : গোৱালপাৰত ৬ চোৰৰ পৰা উদ্ধাৰ প্ৰায় ৪০ লাখ টকাৰ আ–অলংকাৰকে ধৰি আন সামগ্ৰী

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী দেখি স্তম্ভিত হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী দেখি স্তম্ভিত হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী দেখি স্তম্ভিত হয়।

  • Share this:

গোৱালপাৰাত ৬জনকৈ চোৰৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় ৪০ লক্ষাধিক টকাৰ আ–অলংকাৰকে ধৰি আন সামগ্ৰী। এয়া গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা ৰূপে গণ্য কৰা হৈছে।


৪০ লক্ষাধিক টকাৰ সোণ–ৰূপৰ অলংকাৰসহ গ্ৰেপ্তাৰ কৰা ৬ চোৰৰ পৰা লগতে উদ্ধাৰ কৰা হৈছে নগদ টকা, লেপটপ, মোবাইল, কেমেৰা, গাড়ী, স্কুটীসহ বহু চুৰি সামগ্ৰী। যোৱা ৩ ছেপ্টেম্বৰত চহৰৰ গোৱালতুলীৰ অশোক কুমাৰ ঘোষৰ ঘৰত চুৰিকাণ্ড হোৱাত গোৱালপাৰা সদৰ থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৭৫/৩৮০ ধাৰাত গোচৰ ৰুজু কৰি অভিযান চলাই চুৰি কাণ্ডৰ লগত জড়িত থকা ছজনকৈ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী দেখি স্তম্ভিত হয়। গোৱালপাৰা আৰক্ষী থানা একপ্ৰকাৰ ভৰি পৰে চুৰি সামগ্ৰীৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইজন হৈছে অমিত বিশ্বাস, আব্দুল কৰিম, হাছানুৰ আলী, নুৰ আলম, জহিৰুল হক আৰু গোপাল দাস। অধিক তথ্য সংগ্ৰহ কৰিবলৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Published by:Gautam Barman
First published: