মুখ্যপৃষ্ঠা »খবৰ »অসম »Jehadi in Assam Update: জেহাদীৰ বিৰুদ্ধে জেহাদ অসম আৰক্ষীৰ, দুই জেহাদীৰ মোবাইলত উদ্ধাৰ ভয়ংকৰ ভিডিঅ'

Jehadi in Assam Update: জেহাদীৰ বিৰুদ্ধে জেহাদ অসম আৰক্ষীৰ, দুই জেহাদীৰ মোবাইলত উদ্ধাৰ ভয়ংকৰ ভিডিঅ'

Jehadi in Assam Update: মৰিগাঁৱৰ দুই জেহাদীক জেৰা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ

Jehadi in Assam Update: মৰিগাঁৱৰ দুই জেহাদীক জেৰা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ

Jehadi in Assam Update: মৰিগাঁৱৰ দুই জেহাদীক জেৰা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ

  • Share this:
মৰিগাঁৱৰ মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদী মুফটি মুস্তাফাৰ মোবাইলত উদ্ধাৰ  হৈছে বহু উদ্বেগজনক তথ্য ৷ জেহাদী (Jehadi) আৰু তালিবানী (Taliban) বহু ভিডিঅ' উদ্ধাৰ হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ মুফতি মুস্তাফাৰ মোবাইল আৰু ইলেক্ট্ৰনিক সঁজুলিত ৷ এই তথ্য সদৰি কৰিছে জেহাদী তদন্তৰ অগ্ৰগতিৰ বুজ ল'বলৈ সোমবাৰে জাগীৰোডত উপস্থিত হোৱা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে (GP Singh) ৷

সম্প্ৰতি জাগীৰোড আৰক্ষী থানাত ৰখা হৈছে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই জেহাদী মুফতি মুস্তাফা আৰু আফছাৰুদ্দিন ভূঞাক । তদন্তৰ বুজ লোৱাৰ পিছতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিশেষ সঞ্চালকপ্ৰধান গৰাকীয়ে ৷

মৈৰাবাৰীৰ দুই জেহাদী মুফতি মুস্তাফা আৰু আফচাৰুদ্দিন ভূঞাৰ ইলেক্ট্ৰনিক সঁজুলিত উদ্ধাৰ হৈছে বহু জেহাদী তথ্য ৷ জেহাদী মুফতি মুস্তাফাৰ মোবাইলত পোৱা গৈছে কেতবোৰ ভিডিঅ'৷ জেহাদী আৰু তালিবানী ভিডিঅ' (Jehadi and Talibani Video) পোৱা গৈছে মুস্তাফাৰ মোবাইলত ৷ যি সমূহ ভিডিঅ'ৰ জৰিয়তে মাদ্ৰাছাৰ ছাত্ৰক প্ৰৰোচিত কৰাৰ সন্দেহ কৰা হৈছে ৷

এই সন্দৰ্ভত দেওবাৰে জমিউল হুদা মাদ্ৰাছাত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ৪৩ গৰাকী ছাত্ৰৰ ভিতৰত ১৯ গৰাকী ছাত্ৰক মৈৰাবাৰী আৰক্ষী থানাত কৰা হৈছিল জেৰা ৷ অৱশ্যে তদন্তৰ খাতিৰত তাৰ কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

আনহাতে বাংলাদেশৰ জেহাদী সংগঠন আনছাৰুল্লা বাংলা টীমৰ সৈতে ধন লেনদেনৰ তথ্যও পোৱা গৈছে আৰক্ষীৰ তদন্তত ৷ ইতিমধ্যে ABTৰ সৈতে জড়িত ১১ জনক কৰা হৈছে গ্ৰেপ্তাৰ ৷ গোৱালপাৰা, বৰপেটা আৰু মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইটা জেহাদীক ৷

ইফালে অসম আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী দলৰ নজৰত আছে অসমৰ বহু মাদ্ৰাছা (Assam Madrasa) ৷ অসমত জেহাদীৰ সমগ্ৰ নেটৱৰ্ক উৎখাত কৰিবলৈ অসম আৰক্ষী দৃঢ় প্ৰতিজ্ঞ বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে ৷

শেহতীয়া বাতৰি