মুখ্যপৃষ্ঠা »খবৰ »অসম »CM Himanta Biswa Sarma : জীৱন সিংহই জিৰণি ল'ব, পৰেশ বৰুৱাৰ সৈতে যোগাযোগ অব্যাহত আছেঃ মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma : জীৱন সিংহই জিৰণি ল'ব, পৰেশ বৰুৱাৰ সৈতে যোগাযোগ অব্যাহত আছেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ULFA-Iৰ সমস্যা সমাধান! AIUDF-BJPৰ সমৰ্থন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ULFA-Iৰ সমস্যা সমাধান! AIUDF-BJPৰ সমৰ্থন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ULFA-Iৰ সমস্যা সমাধান! AIUDF-BJPৰ সমৰ্থন

  • Share this:

ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ কৰিয়েই পোনে পোনে গৈ দিল্লীত উপস্থিত হোৱা KLOৰ অধ্যক্ষই অলপ জিৰণি লোৱাৰ পিছতহে ভাৰত চৰকাৰৰ সৈতে আলোচনাত বহিব ৷ লগতে ULFA-Iৰ সৈতে যোগাযোগ অব্যাহত আছে আৰু নিজৰ কাৰ্যকালৰ ভিতৰতে সমস্যা সমাধান হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । KLO আৰু ULFA-Iক লৈ মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগক সমৰ্থন জনাইছে বিৰোধী AIUDFয়ে ৷


ম্যানমাৰ এৰি এতিয়া দিল্লীত বাহৰ পাতি আছে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ KLOৰ অধ্যক্ষ জীৱন সিংহ কোচ (Jeevan Singha) ৷ চৰ্চা চলিছে ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি কম দিনৰ ভিতৰত KLOয়ে কৰিব চুক্তি ৷ চৰ্চা চলিছে পৃথক কমতাপুৰৰ ৷ সম্প্ৰতি Intelligence Bureauৰ সৈতে থকা জীৱন সিংহ সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লীত মুখ্যমন্ত্ৰীয়ে ক'লে- “KLOৰ মুৰব্বী ঘূৰি অহাটো ডাঙৰ খবৰ ৷ এতিয়া কিছু জিৰণি ল'ব জীৱন সিংহই ৷ জিৰণিৰ পিছত কৰিব ভাৰত চৰকাৰৰ সৈতে আলোচনা ৷”


মুখ্যমন্ত্ৰীৰ এই উদ্যোগক সমৰ্থন জনালে AIUDFৰ জ্যেষ্ঠ বিধায়ক ড০ ৰফিকুল ইছলামে ৷ কিন্তু পৃথক কমতাপুৰৰ নামত পুনৰ অসম ভাগ ভাগ কৰাৰ বিৰোধিতা কৰে ৷


কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদেও পৃথক কমতাপুৰৰ বিৰোধিতা কৰি মূলসুঁতিলৈ উভতি অহাৰ বাবে KLOৰ মুৰব্বীক ধন্যবাদ জনায় ৷ ইপিনে BJPৰ সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো মুখ্যমন্ত্ৰীয়ে লোৱা উদ্যোগক আদৰণি জনালে ৷


এইবাৰ আহিল পৰেশ বৰুৱাৰ প্ৰসংগ। আলফা স্বাধীনৰ সৰ্বেসৰ্বা পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ দাবী পৰিত্যাগ কৰিবলৈ ৰাইজক, দল-সংগঠনক আহ্বান জনাবলৈ মুখ্যমন্ত্ৰীয়ে পহিলা জানুৱাৰীত আহ্বান জনাইছিল ৷ ইয়াৰ পিছত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দিল্লীত ক'লে— “ULFA-Iৰে যোগাযোগ অব্যাহত আছে আৰু এই কাৰ্যকালতে সমস্যা সমাধান হ'ব ৷”


এই বিষয়ত সাংসদ কামাখ্যা প্ৰসাদ তাছাই ক'লে- “ৰাইজৰ আহ্বান মৰ্মে পৰেশ বৰুৱা আলোচনালৈ আহক ৷”


AIUDFৰ বিধায়ক ৰফিকুল ইছলামেও পৰেশ বৰুৱাক মাতিলে আলোচনালৈ ৷ ইপিনে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদে সশস্ত্ৰ পন্থা ত্যাগ কৰিবলৈ আহ্বান জনালে পৰেশ বৰুৱাক ৷

শেহতীয়া বাতৰি