২০ লাখ টকাৰ বিনিময়ত পৰীক্ষাত বহিল অন্য লোক! কিমান স্বচ্ছ JEE পৰীক্ষা? ভাইৰেল হৈছে এটা অডিঅ’ ক্লীপ

ৰাজ্যত এছ আই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ অনিয়ম।
ৰাজ্যত এছ আই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ অনিয়ম।
- News18 Assam
- Last Updated: October 24, 2020, 10:30 AM IST
যোৱা ৫ ছেপ্তেম্বৰত সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছিল JEE পৰীক্ষা। প্ৰায় ২২ লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ কৰিছিল এই পৰীক্ষাত। তাৰ মাজতে এতিয়া বিতৰ্কত সোমাই পৰিছে মহানগৰীৰ বৰঝাৰস্থিত ECOM টাৱাৰৰ ION ডিজিটেল জন নামৰ এটা অনলাইন পৰীক্ষা কেন্দ্ৰ আৰু মহানগৰীৰ আমবাৰীস্থিত ৰবীন্দ্ৰ ভৱনৰ সন্মুখত থকা থকা গ্লোবেল ইডু লাইট নামৰ এটা শিক্ষা প্ৰতিষ্ঠান। এই কেলেংকাৰী পোহৰলৈ আহিছে ভাইৰেল হোৱা এটা মোবাইলৰ অডিঅ’ ক্লীপৰ জৰিয়তে।
অভিযোগকাৰী মিত্ৰ দেৱ শৰ্মাই জানিবলৈ দিয়া মতে, নীল নক্ষত্ৰ দাসৰ পিতৃ ডা০ জ্যোতিৰ্ময় দাসে নিজ পুত্ৰৰ নামত JEE মেইন্স পৰীক্ষাত অন্য লোক অৱতীৰ্ণ হ’বলৈ ঘোচ দিছিল প্ৰায় ২০ লক্ষাধিক টকা। ফলত বৰঝাৰস্থিত ECOM টাৱাৰৰ ION ডিজিটেল জন নামৰ অনলাইন পৰীক্ষা কেন্দ্ৰত উপস্থিত নাথাকিলে ছাত্ৰ নীল। ছাত্ৰ নিল নক্ষত্ৰ দাসে নিজ বন্ধুক এই ঘটনাৰ বিষয়ে মোবাইলত SMSও দিছিল ।।
এই বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে আজাৰা আৰক্ষীক এজেহাৰ দাখিল কৰে সচেতন নাগৰিক মিত্ৰ দেৱ শৰ্মাই। আজাৰা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে।