মা–দেউতাইহে জোৰ কৰিলে, মোৰ মন কলা শাখাত পঢ়াৰ আছিল...চিকিৎসক পিতৃ–মাতৃৰ উচ্চাকাংক্ষাই কেনেকৈ ধ্বংস কৰিলে মেট্ৰিকত ৯০শতাংশ নম্বৰ পোৱা নীল নক্ষত্ৰ দাসৰ জীৱন?

আৰক্ষীৰ জালত পৰিছে JEE ৰ বাছনি পৰীক্ষাত জালিয়াতি কৰি পৰীক্ষা দিয়া পৰীক্ষাৰ্থী নীল নক্ষত্র দাস , পিতৃ ডঃ জ্যোতিৰ্ময় দাস আৰু আজাৰাস্থিত ION ডিজিটেল জ’নৰ ধন লোৱা তিনি কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ।

- News18 Assam
- Last Updated: October 29, 2020, 3:20 PM IST
জালত পৰাৰ পিছতে আৰক্ষীৰ উচ্চপদস্ত বিষয়াৰ আগত স্বীকাৰ কৰিছে জেইই কেলেংকাৰীৰ ছাত্ৰ নীল নক্ষত্র দাসে ।
আৰক্ষীৰ জালত পৰিছে JEE ৰ বাছনি পৰীক্ষাত জালিয়াতি কৰি পৰীক্ষা দিয়া পৰীক্ষাৰ্থী নীল নক্ষত্র দাস , পিতৃ ডঃ জ্যোতিৰ্ময় দাস আৰু আজাৰাস্থিত ION ডিজিটেল জ’নৰ ধন লোৱা তিনি কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক ।

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪১৯/৪০৬ ধাৰাত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। JEE( মেইন) পৰীক্ষাত টকাৰ বিনিময়ত পুত্ৰৰ সলনি আন ব্যক্তিক পৰীক্ষাত বহিবলৈ দি এই পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিছিল নীল নক্ষত্ৰ দাসে।

পৰীক্ষাত অভাৱনীয় সাফল্য লাভ কৰাৰ পিছত এজন বন্ধুৰ আগত কৈছিল চিকিৎসক পুত্ৰই। বন্ধুৰ আগত দিয়া টেলিফোনিক বাৰ্তালাপত ২০লাখ টকাৰে সফলতা ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছিল ছাত্ৰজনে। উল্লেখ্য যে, দুই চিকিত্সক পিতৃ–মাতৃৰ সন্তানজনে এই পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছিল।

পৰৱৰ্তী সময়ত ২৩ অক্টোবৰত মিত্ৰদেৱ মহন্ত নামৰ এজন ব্যক্তিয়ে ৰুজু কৰিছিল এক গোচৰ। এই গোচৰত ছাত্ৰগৰাকীয়ে তেওঁৰ বন্ধুৰ আগত পৰীক্ষাত নবহাকৈয়ে শীৰ্ষ স্থান লাভ কৰাৰ কথা সদৰী কৰিছিল। ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈছিল JEEৰ এই পৰীক্ষা।
আজি আটাইকেইজন অভিযুক্তক চিজেএম আদালতত হাজিৰ কৰোৱা হয়।