দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল প্রদীপ কুমাৰে।
দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল প্রদীপ কুমাৰে।
অৱশেষত গ্ৰেপ্তাৰ হ’ল জেইই পৰীক্ষা কেলেংকাৰীৰ ভাৰাতীয়া পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰ। দিল্লীত গ্ৰেপ্তাৰ হ’ল JEE পৰীক্ষাত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষাত বহা ভাৰাতীয়া পৰীক্ষাৰ্থী প্রদীপ কুমাৰ। ধৃত প্রদীপ কুমাৰৰ ঘৰ ঝাৰখণ্ডত। দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল প্রদীপ কুমাৰে। দিল্লীত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপক।
কামৰূপ মহানগৰ আৰক্ষীৰ এটা দলে বহুদিন ধৰি অভিযান চলাই আছিল এই কেলেংকাৰীৰ। অসম আৰক্ষীৰ দলে ইণ্ডিগ’ বিমানযোগে প্রদীপ কুমাৰক গ্ৰেপ্তাৰ কৰি বৰঝাৰ বিমানবন্দৰলৈ লৈ আহে। বৰঝাৰ বিমানবন্দৰৰ পৰা আজাৰা আৰক্ষী থানালৈ নিয়া হয় প্রদীপ কুমাৰক। সোমবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ভাৰাতীয়া পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|