অৱশেষত JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ।
অৱশেষত JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ।
অৱশেষত JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ। SG-285 নম্বৰ স্পাইচ জেট বিমান যোগে বেংককৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ সংগোপনে অহাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল অসম আৰক্ষীৰ এটা দল।
JEE কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পৰাই গ্লৱেল ইডুলাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা পলাতক অৱস্থাত আছিল। ভাৰ্গৱ ডেকাৰ গ্ৰেপ্তাৰৰ পিছত JEE কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে গ্লৱেল ইডুলাইটৰ এগৰাকী কৰ্মচাৰী কাকলি বুজৰবৰুৱাক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজাৰা থানাত জেৰা অব্যাহত ৰাখিছে।
ইফালে গুৱাহাটী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰ্গৱ ডেকাক আজাৰা আৰক্ষী চকীলৈ লৈ যোৱা হৈছে। ইয়াৰ লগে লগে JEE পৰীক্ষা কেলেংকাৰীত গ্ৰেপ্তাৰৰ হোৱা মুঠ সংখ্যা বৃদ্ধি পালে ৭ জনলৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|