JEE পৰীক্ষা কেলেংকাৰীঃ ‘GLOBAL EDULIGHT’ নামৰ প্ৰশিক্ষণ কেন্দ্ৰই নিৰ্ধাৰণ কৰিছিল নীল নক্ষত্ৰৰ হৈ কোন বহিব পৰীক্ষাত

News18 Assam | News18-Assam
Updated:October 29, 2020, 6:39 PM IST
JEE পৰীক্ষা কেলেংকাৰীঃ ‘GLOBAL EDULIGHT’ নামৰ প্ৰশিক্ষণ কেন্দ্ৰই নিৰ্ধাৰণ কৰিছিল নীল নক্ষত্ৰৰ হৈ কোন বহিব পৰীক্ষাত
SI কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰাজ্যত সংঘটিত হ’ল JEE পৰীক্ষাৰ কেলেংকাৰীৰ ৷

SI কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰাজ্যত সংঘটিত হ’ল JEE পৰীক্ষাৰ কেলেংকাৰীৰ ৷

  • Share this:
SI কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰাজ্যত সংঘটিত হ’ল JEE পৰীক্ষাৰ কেলেংকাৰীৰ ৷ মিত্ৰদেৱ শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এক টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰি মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া।

তদন্তৰ আৰম্ভণিতে টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰি প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল নীল নক্ষত্ৰ নামৰ ছাএজনক ৷ ছাএজনৰ স্বীকাৰোক্তিৰ পিছতে মহানগৰ আৰক্ষীয়ে ছাএজনৰ চিকিৎসক পিতৃ ডা০ জ্যোতিৰ্ময় দাসসহ গ্ৰেপ্তাৰ কৰিলে ৫জনকৈ লোকক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশ নম্বৰ লাভ কৰা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৫ শতাংশ নম্বৰ লাভ কৰা নীল নক্ষত্ৰই আৰক্ষীক স্পষ্টকৈ জনাইছে যে, তেওঁ JEE (মেইন) পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। বায়’মেট্ৰিক্স দি পূৰ্বতে ঠিক কৰি দিয়া এজন ব্যক্তিৰ সহযোগত তেওঁ ওলাই আহিছিল পৰীক্ষা গৃহৰ পৰা।

শিলপুখুৰীত থকা গ্ল’বেল ইডুলাইট নামৰ যিটো কোচিং প্ৰতিষ্ঠানত নীল নক্ষত্ৰই JEE (মেইন)ৰ বাবে প্ৰশিক্ষণ লৈছিল, সেই প্ৰতিষ্ঠানটোৰ পৰাই ঠিক কৰি দিছিল কেনেদৰে অৱতীৰ্ণ হ’ব এই পৰীক্ষাত। ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হোৱা এই পৰীক্ষাত নীল নক্ষত্ৰৰহৈ কোনে পৰীক্ষা দিব সেয়া নিৰ্ধাৰণ কৰি দিছিল জি এন বি ৰোডত থকা কোচিং প্ৰতিষ্ঠান ‘গ্ল’বেল ইডুলাইট’ৰ তৰফৰ পৰা। ইয়াৰ বিনিময়ত নীলৰ পিতৃ পিতৃ তথা ৰাজ্যৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডা০ জ্যোতিৰ্ময় দাসে ব্যয় কৰিছিল ২০ লাখ টকা।

আগধন হিচাপে ডা০ জ্যোতিৰ্ময় দাসে গ্ল’বেল ইডুলাইটৰ স্বত্বাধীকাৰী ভাৰ্গৱ ডেকাক দিছিল ৫ লাখ টকা  ৷যাৰ বাবে এতিয়া আৰক্ষীয়ে ভাৰ্গৱ ডেকাক বিচাৰি ভিন্ন প্ৰান্তত অভিযান চলাইছে যদিও বিগত ৪ টা দিনে নিজৰ কচিং চেণ্টাৰত তলা লগাই আত্মগোপন কৰিছে। একেদৰে আৰক্ষীয়ে নীল নক্ষএ হৈ পৰীক্ষাত বঢ়া পৰীক্ষাৰ্থীজনৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান ৷
Published by: Himangshu Bhuyan
First published: October 29, 2020, 6:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading