মুখ্যপৃষ্ঠা » খবৰ

» অসম

»JEE পৰীক্ষা কেলেংকাৰীঃ নীল নক্ষত্ৰ, চিকিত্‍সক পিতৃ জ্যোতিৰ্ময় দাস সহ ৫জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

JEE পৰীক্ষা কেলেংকাৰীঃ নীল নক্ষত্ৰ, চিকিত্‍সক পিতৃ জ্যোতিৰ্ময় দাস সহ ৫জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

News18 Assam | News18-Assam
Updated:October 29, 2020, 6:04 PM IST
JEE পৰীক্ষা কেলেংকাৰীঃ নীল নক্ষত্ৰ, চিকিত্‍সক পিতৃ জ্যোতিৰ্ময় দাস সহ ৫জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
JEE পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৫ ছেপ্টেম্বৰত।

JEE পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৫ ছেপ্টেম্বৰত।

  • Share this:
আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে JEEৰ বাছনি পৰীক্ষাত জালিয়াতি কৰি পৰীক্ষা দিয়া পৰীক্ষাৰ্থী নীল নক্ষত্র দাস , পিতৃ ডঃ জ্যোতিৰ্ময় দাস আৰু আজাৰাস্থিত ION ডিজিটেল জ’নৰ ধন লোৱা তিনি কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক।

বৃহস্পতিবাৰে আৰক্ষীয়ে ৫ জন অভিযুক্তক হাজিৰ কৰোৱাই কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৷ আৰক্ষীয়ে ৫ জন অভিযুক্তক ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও ৫ দিনৰ অনুমতি দিয়ে ন্যায়ালয়ে ৷ আনহাতে আটাইকেইজন অভিযুক্তই জামিনৰ আবেদন কৰিছিল যদিও আদালতে আবেদন নাকচ কৰিছে ৷

উল্লেখযোগ্য যে,  ‘JEE পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৫ ছেপ্টেম্বৰত। এই পৰীক্ষাত গুৱাহাটী ডনবস্ক’ৰ ছাত্ৰ নীল নক্ষত্র দাসৰ বিপৰীতে অন্য লোক বহিছিল পৰীক্ষাত।নীলৰ পিতৃয়ে প্ৰায় ২০ লাখৰো অধিক ধন দি অন্য লোকৰ দ্বাৰা পৰীক্ষা দিয়াইছিল। JEE পৰীক্ষাত ৯৯.৮% লাভ কৰি উত্তীৰ্ণ হৈছিল নীল।
Published by: Himangshu Bhuyan
First published: October 29, 2020, 6:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি