• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিক্টৰ দাসক লৈ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল, ক’লে – ‘ভিক্টৰৰ সকলো কথা মিছা’

ভিক্টৰ দাসক লৈ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল, ক’লে – ‘ভিক্টৰৰ সকলো কথা মিছা’

যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, স্পষ্টকৈ আমি এটা কথা ক’ব পাৰো যে ভিক্টৰ দাস নামৰ যুৱকজনে টুইটত দিয়া যিখিনি কথা আছিল, ইয়াৰে কোনো এটা কথাই সঁচা বুলি প্ৰমাণ হোৱা নাই। প্ৰতিটো কথা মিছা বুলি প্ৰমাণ হৈছে।’’

  • Share this:
ভিক্টৰ দাস সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ সংবাদমেল। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই সংবাদমেলত কয়, ‘‘ভিক্টৰ দাসে কৰা অভিযোগ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। কোনো ধৰণৰ তথ্য–প্ৰমাণ নাই। টুইটত লিখা কথাবোৰ সম্পূৰ্ণ মিছা। এয়া উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা হৈছে। ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে কৰা হৈছে। এক্স এমএলএৰ দৰে শব্দ ব্যৱহাৰ কৰা হৈছে, যাতে মানুহ শংকিত হৈ উঠে।’’

‘‘এটা নিকা–স্বচ্ছ নিয়োগ প্ৰক্ৰিয়াক দাগ লগাবলৈ যত্ন কৰা হৈছে। এই কথাটো এনেকৈ এৰি দিব নোৱাৰি, এয়া এটা গুৰুতৰ অপৰাধ। সেয়ে আমি পাণবজাৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰিছো। ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে। কিছু সময় পিছতে তেওঁ আদালতত হাজিৰ কৰোৱা হ’ব আৰু আমাৰ তদন্ত চলি থাকিব।’’ – ক’লে পাৰ্থসাৰথি মহন্তই।

যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, স্পষ্টকৈ আমি এটা কথা ক’ব পাৰো যে ভিক্টৰ দাস নামৰ যুৱকজনে টুইটত দিয়া যিখিনি কথা আছিল, ইয়াৰে কোনো এটা কথাই সঁচা বুলি প্ৰমাণ হোৱা নাই। প্ৰতিটো কথা মিছা বুলি প্ৰমাণ হৈছে।’’

ইফালে আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয়, ‘‘ছচিয়েল মিডিয়াত লিখিলেই সকলো কথা সঁচা নহয়। তেওঁ কিবা লিখিছে, আমি পৰীক্ষা কৰিছো, কিন্তু কোনো সঁচা তথ্য পোৱা নাই। এনে ঘটনাই সমাজক প্ৰভাৱিত কৰে। সেয়ে আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছো।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি