বিধানসভা, লোকসভা অথবা পঞ্চায়ত নিৰ্বাচনতকৈয়ো উত্তেজনাপূৰ্ণ হৈ পৰিল এইবাৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন।
বিধানসভা, লোকসভা অথবা পঞ্চায়ত নিৰ্বাচনতকৈয়ো উত্তেজনাপূৰ্ণ হৈ পৰিল এইবাৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন।
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা দুটা পক্ষৰ মাজত মিৰপিটৰ ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে আৰক্ষীৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। একাংশ নিৰ্দলীয় প্ৰাৰ্থী আৰু আছু সদস্যৰ মাজত সংঘটিত এই সংঘাতৰ পিছত সুকলমে অনুষ্ঠিত হোৱা নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে ছাত্ৰ একতা সভাৰ পাঁচটাকৈ পদ দখল কৰিবলৈ সক্ষম হয়।
বিধানসভা, লোকসভা অথবা পঞ্চায়ত নিৰ্বাচনতকৈয়ো উত্তেজনাপূৰ্ণ হৈ পৰিল এইবাৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচন। এই নিৰ্বাচনত সংঘটিত হয় হিংসাত্মক ঘটনা। দুটা ছাত্ৰ গোটৰ মাজত সৃষ্টি হোৱা বাক–বিতণ্ডাই শুকুৰবাৰে নিশা ৰূপ লয় মাৰপিটৰ। নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মহাবিদ্যালয়খনৰ একাংশ হোষ্টেলৰ ছাত্ৰই আছুৰ সদস্যই তেওঁলোকৰ একাংশক শুকুৰবাৰে নিশা মাৰপিট কৰাৰ অভিযোগ তুলিছে। অভিযোগ অনুসৰি, একাংশ আছুৰ সদস্যই তেওঁলোকৰ প্ৰাৰ্থীসকলক পষ্টাৰ লগোৱাত বাধা প্ৰদান কৰে আৰু তাৰ পিছতে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে সংঘটিত হয় মাৰপিটৰ। য'ত একাংশ নিৰ্দলীয় প্ৰাৰ্থীক আছুৰ সদস্যই মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ ছাত্ৰই।
আনহাতে, যোৰহাট আছুৰ নেতৃত্বই এই ঘটনাত আছুৰ সদস্য জড়িত থকাটো অস্বীকাৰ কৰিছে। আছুৱে অভিযোগ কৰা মতে, বিগত পাঁচ বছৰ ধৰি জেবি কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত থকা আছুৰ বিৰুদ্ধে একাংশই গুণ্ডাৰাজ চলোৱাৰ এক ভুৱা প্ৰচাৰ চলাই নিৰ্বাচনৰ পূৰ্বে সহানুভূতি আদায়ৰ কৌশল ৰচনা কৰিছে। প্ৰকৃততে কলেজৰ ছাত্ৰাবাসলৈ শুকুৰবাৰে নিশা অহা একাংশ বাহিৰৰ যুৱকৰ সৈতেহে একাংশ ছাত্ৰ মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ তুলিছে আছুৱে।
এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত। পৰস্পৰৰ বিৰুদ্ধে অভিযোগ-প্ৰতিঅভিযোগ উৎথাপন কৰাৰ পিছত শনিবাৰে আৰক্ষীৰ নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈ যায় জেবি কলেজৰ ছাত্র একতা সভাৰ নিৰ্বাচন। নিৰ্বাচনৰ ফলাফল অনুসৰি আছু সমৰ্থিত প্ৰাৰ্থীয়ে ছাত্র একতা সভাৰ সভাপতি, সহকাৰী সাধাৰণ সম্পাদক, তৰ্ক সম্পাদক, ফুটবল সম্পাদক আৰু সম্প্ৰসাৰিত সেৱা বিভাগ নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়। আনহাতে বাকী পদবীসমূহত জয়লাভ কৰা নিৰ্দলীয় প্ৰাৰ্থীসকললৈকে সমৰ্থন আগবঢ়াইছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|