মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Movement : জয়নাথ শৰ্মা আছিল RSSৰ সদস্য, জুয়ে পোৰা '৮৩ক লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIAৰ প্ৰতিবেদন

Assam Movement : জয়নাথ শৰ্মা আছিল RSSৰ সদস্য, জুয়ে পোৰা '৮৩ক লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIAৰ প্ৰতিবেদন

CIA Report on Assam Movement : CIAৰ এই গোপন প্ৰতিবেদনত নাম আৰু ফটো আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰয়াত ভৃগু ফুকনৰ৷

CIA Report on Assam Movement : CIAৰ এই গোপন প্ৰতিবেদনত নাম আৰু ফটো আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰয়াত ভৃগু ফুকনৰ৷

CIA Report on Assam Movement : CIAৰ এই গোপন প্ৰতিবেদনত নাম আৰু ফটো আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰয়াত ভৃগু ফুকনৰ৷

  • Share this:

আমেৰিকাৰ CIAৰ গোপন প্ৰতিবেদনত জুয়ে পোৰা '৮৩ৰ বহু নজনা কথা। ১ আগষ্ট ১৯৮৩ৰ CIAৰ এখন প্ৰতিবেদন ৷ চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চিৰ CIA-RDP84S00556R000300110002-0 এই গোপন প্ৰতিবেদনখনতে অসম আন্দোলন তথা হিন্দু-মুছলমানৰ সংঘাত সম্পর্কে উল্লেখ আছে। দীৰ্ঘদিন ধৰি গোপনে ৰখাৰ পিছত এই SECRET ডকুমেন্টটো ডিক্লাছিফাই কৰিছে ২০১১ৰ ৭ জানুৱাৰীত (CIA Report on Assam Movement)।


এই প্ৰতিবেদনত সেই সময়ত অসমৰ লগতে পঞ্জাৱ আৰু দেশৰ অন্য প্ৰান্তত হোৱা সাম্প্রদায়িক সংঘাত সম্পর্কে স্পষ্টভাৱে উল্লেখ আছে। এই প্ৰতিবেদনখনতে সেই সময়ৰ অসম আন্দোলন, RSSৰ ভূমিকা,আছুৰ ভূমিকা, হিন্দু-মুছলমানৰ সংঘাতৰ কাৰণ,আঁৰৰ শক্তি আদি সকলো কথা স্পষ্টভাৱে উল্লেখ কৰা আছে।


CIAৰ এই গোপন প্ৰতিবেদনত নাম আৰু ফটো আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰয়াত ভৃগু ফুকনৰ৷  নাম আৰু ফটো আছে জয়নাথ শৰ্মাৰ। জয়নাথ শৰ্মাক  সদৌ অসম ছাত্ৰ সন্থাৰ  Anti Muslim Volunteer Force স্বেচ্ছা সেৱক বাহিনী (SSB)ৰ মুৰব্বী তথা RSSৰ সদস্য ৰূপে স্পষ্টভাৱে উল্লেখ কৰিছে।


CIAৰ এই ডিক্লাচিফাই কৰা প্ৰতিবেদনত জয়নাথ শৰ্মা সম্পৰ্কে এনেকৈ, " Head of Sweccha Sevak Bahini, anti-Muslim "volunteer force" of the AASU. Also a member of Hindu nationalist RSS." চি আই এৰ প্ৰতিবেদনত ঠাই পাইছে এসময়ৰ গণ সংগ্ৰাম পৰিষদৰ নেতা তথা বৰ্তমানৰ বিধায়ক অতুল বৰাই। প্ৰফুল্ল কুমাৰ মহন্ত,ভৃগু ফুকন,জয়নাথ শৰ্মাৰ ফটো থকাৰ বিপৰীতে অতুল বৰাৰ কিন্তু ফটো নাই ৷ অতুল বৰা সম্পৰ্কে এইদৰে লিখিছে প্ৰতিবেদনত, "Convenor of the All Assam Gana Sangram Parishad(AAGSP)—ethnic Assamese political umbrella organization."


অৱশ্যে কেৱল এইকেইজন নেতাই নহয়, অসম আন্দোলনৰ লগতে সমগ্র দেশত হিন্দু আৰু মুছলিম বিৰোধী ঢৌ সৃষ্টিৰ আঁৰৰ মূল নেতা হিচাপে মুছলিমৰ আব্দুলা বুখাৰী, ছৈয়দ চাহাবুদ্দিন, আবুল তায়েদ আহমেদৰ দৰে হিন্দু নেতাৰ ভিতৰত অটল বিহাৰী বাজপেয়ী, বালাচাহেব দেওৰা, ড৹ কৰণ সিং সম্পর্কেও নাম-ফটোযসহ প্ৰতিবেদন দাখিল কৰিছে CIAই ৷  উল্লেখনীয় কথাটো হ'ল, অসম আন্দোলনত স্বেচ্ছাসেৱক বাহিনী(SSB)য়ে terrorist support আগবঢ়োৱা বুলি প্ৰতিবেদন দাখিল কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংস্থাটোৱে।

শেহতীয়া বাতৰি