মুখ্যপৃষ্ঠা »খবৰ »অসম »সাহিত্য অকাডেমী বঁটাৰ ধন CAA বিৰোধী সংগ্ৰামৰ শ্বহীদৰ নামত উচৰ্গা কৰিব জয়শ্ৰী গোস্বামীয়ে

সাহিত্য অকাডেমী বঁটাৰ ধন CAA বিৰোধী সংগ্ৰামৰ শ্বহীদৰ নামত উচৰ্গা কৰিব জয়শ্ৰী গোস্বামীয়ে

Source-Google

Source-Google

চাণক্য নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিলে জয়শ্ৰী গোস্বামী মহন্তই

  • Share this:
সাহিত্য একাডেমী বটা লাভ কৰিলে পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তই। চাণক্য গ্ৰন্থৰ বাবে এই সন্মান লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গেস্বামী মহন্তই। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে এই সন্মান লাভ কৰাৰ পিছতেই বঁটাৰ বাবদ লাভ কৰিবলগীয়া ধনৰাশি নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰাম খনত প্ৰাণ আহুতি দিয়াসকলৰ নামত উচৰ্গা কৰিব বুলি ঘোষণা কৰে।

সাহিত্য একাডেমী বটা লাভ কৰা ড: জয়শ্ৰী গোস্বামী মহন্তই নাগৰিকত্ব সংশোধনী আইনখনক বিৰোধিতা কৰি এই আইনখন শীঘ্ৰে বাতিল কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। ইফালে সাহিত্য একাডেমী বটা সম্পৰ্কত কোনো ব্যক্তিয়ে RTI কৰিব বিচৰা সন্দৰ্ভত  মন্তব্য দিয়াৰ পৰা বিৰত থাকে জয়শ্ৰী গোস্বামী মহন্ত।

শেহতীয়া বাতৰি