বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি স্পষ্টকৈ কৈছে : জয়ন্ত মল্ল

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি স্পষ্টকৈ কৈছে বিজেপিয়ে।

news18assam
Updated:April 21, 2019, 1:48 PM IST
বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি স্পষ্টকৈ কৈছে : জয়ন্ত মল্ল
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি স্পষ্টকৈ কৈছে বিজেপিয়ে।
news18assam
Updated: April 21, 2019, 1:48 PM IST
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি স্পষ্টকৈ কৈছে বিজেপিয়ে। কিন্তু কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শৰণাৰ্থীক সংস্থাপনৰ কথা কয়। সংবাদমেলত এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ চাৰিওটা সমষ্টিতে বিজেপি জয়ী হ’ব বুলি মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কংগ্ৰেছক কটাক্ষ কৰি বিজেপি নেতাজনে কয় – ৰহিংগ্যাক অনাৰ বিষয়ে কংগ্ৰেছে প্ৰচাৰ পত্ৰিকাত উল্লেখ কৰিছে। কংগ্ৰেছৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই। তেঁওলোকে LAW ON ASYLUM অনাৰ কথা কৈছে। এইখন আনিলে ৰহিংগ্যাক অসমৰ পৰা কোনেও খেদিব নোৱাৰিব।

তৰুণ গগৈয়ে কটাক্ষ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে সন্দিকৈ মহাবিদ্যালয়ৰ ছোৱালীৰ সৈতে নাচিছিল গগৈয়ে। তেতিয়া কিন্তু বিজেপিয়ে একো কোৱা নাছিল। এতিয়া বিজেপিৰ মানুহে সমদলত নৃত্য কৰিছে, তাক লৈ কংগ্ৰেছৰ কিয় চকু পুৰিছে?
আৰু চাওক পৰৱৰ্তী বাতৰি