তেওঁ আৰু কয়, "প্ৰতি বছৰে এজন-দুজন বা দহজন ল'ৰা আলফালৈ গৈ থাকেই ৷ ৰাজ্যৰ তিনি কোটি ত্ৰিশ লাখ লোকৰ মাজত ক'ৰবাত দহজন বা বিশজন লোক যােৱা কথাটোক আলফাৰ প্ৰতি আকৰ্ষিত হোৱা বুলি ক'ব নোৱাৰি।"
চাৰি বছৰীয়া সন্তানক এৰি অৰণ্যলৈ যোৱা দুই পিতৃ-মাতৃৰ প্ৰসংগতো জয়ন্ত মল্ল বৰুৱাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, "আচলতে ঘটনাটো কি সেই বিষয়ে জানি ল'ব লাগিব ৷
চাৰি বছৰীয়া সন্তান এৰি আলফালৈ যোৱাক লৈ আমাৰো চিন্তা হয়; কিন্তু ঘটনাটোৰ ভিতৰলৈ গ'লে জনা যায় তেওলোকৰ ব্যক্তিগত জীৱনৰ কিছু কাহিনী জৰিত আছে।"