• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘কংগ্ৰেছ আজিৰ তাৰিখত হিচাপত ল’বলগীয়া দল নহয়’ – ক’লে জয়ন্ত মল্ল বৰুৱাই, ভূপেন বৰাক ৰাজনৈতিক জ’কাৰ আখ্যা

‘কংগ্ৰেছ আজিৰ তাৰিখত হিচাপত ল’বলগীয়া দল নহয়’ – ক’লে জয়ন্ত মল্ল বৰুৱাই, ভূপেন বৰাক ৰাজনৈতিক জ’কাৰ আখ্যা

মাজুলীৰ উপ–নিৰ্বাচনত বিজেপিয়ে ৬০ হাজাৰৰ অধিক ভোটত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে।

মাজুলীৰ উপ–নিৰ্বাচনত বিজেপিয়ে ৬০ হাজাৰৰ অধিক ভোটত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে।

মাজুলীৰ উপ–নিৰ্বাচনত বিজেপিয়ে ৬০ হাজাৰৰ অধিক ভোটত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে।

  • Share this:
APCCৰ সভাপতি ভূপেন বৰাক পুনৰ কটাক্ষ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। ভূপেন বৰাক ৰাজনৈতিক জকাৰ আখ্যা। বুধবাৰে নিশা বঙাইগাঁও পৌৰসভাত নিৰ্বাচন প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰ সমালোচনা কৰে বৰুৱাই।

আজিৰ তাৰিখত কংগ্ৰেছ দল অসমত হিচাপত ল’বলগীয়া দল হিচাপে চিহ্নিত নহয় বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘এই কথাবোৰ জানি ভূপেন বৰাই গান, কবিতা আদিত মনোনিৱেশ কৰিছে। ৰাইজৰ সন্মুখত ভাষণ বা বক্তৃতা আদিৰে গুৰুত্ব লাভ নকৰে বাবে ৰাজনৈতিক নেতা হৈয়ো গান, কবিতাৰে সংবাদ মাধ্যমত ওলাই থাকিব বিচাৰিছে। জুবিন, পাপনে ভাল গীত গাই জনপ্ৰিয়তা লাভ কৰিছে, সেইদৰে ৰাজকুমাৰেও ফটুৱা কথাৰে জনপ্ৰিয় হ’বলৈ প্ৰয়াস কৰিছে৷ গতিকে ভূপেন বৰায়ো ইয়াকে কৰি গৈছে ৷ কিন্তু অসমৰ ৰাইজে ভূপেন বৰাক বৰ্তমান ৰাজনৈতিক জোকাৰ হিচাপে চিনি পায়।’’

আনহাতে, মাজুলীৰ উপ–নিৰ্বাচনত বিজেপিয়ে ৬০ হাজাৰৰ অধিক ভোটত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে। ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত বৰুৱাই ফণীভূষণ চৌধুৰীৰ নাম উল্লেখ নকৰাকৈ সময় থাকোতে যোগ্যজনক ঠাই এৰি দিবলৈ আহ্বান জনায় বৰুৱাই৷ সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে, জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মন উপস্থিত থাকে৷
Published by:Sanjay Kumar Das
First published: