ইংৰাজী মাধ্যমৰ বিদ্যালয়ক চেৰ পেলাই স্বগৰিমাৰে পুনৰ উজলিল জাতীয় বিদ্যালয়

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জয়যাত্ৰা অব্যাহত ৰাখিলে জাতীয় বিদ্যালয়সমূহে। দহটা শীৰ্ষস্থানৰ ভিতৰত আছে জাতীয় বিদ্যালয়ৰ ৬ ধীমান।

news18assam
Updated:May 15, 2019, 4:00 PM IST
ইংৰাজী মাধ্যমৰ বিদ্যালয়ক চেৰ পেলাই স্বগৰিমাৰে পুনৰ উজলিল জাতীয় বিদ্যালয়
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জয়যাত্ৰা অব্যাহত ৰাখিলে জাতীয় বিদ্যালয়সমূহে। দহটা শীৰ্ষস্থানৰ ভিতৰত আছে জাতীয় বিদ্যালয়ৰ ৬ ধীমান।
news18assam
Updated: May 15, 2019, 4:00 PM IST
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জয়যাত্ৰা অব্যাহত ৰাখিলে জাতীয় বিদ্যালয়সমূহে। দহটা শীৰ্ষস্থানৰ ভিতৰত আছে জাতীয় বিদ্যালয়ৰ ৬ ধীমান।

নিয়মানুৱৰ্তিতা, সুন্দৰ বিদ্যায়তনিক আন্তঃগাঁথনিৰ বাবে ৰাজ্যৰ অধিকাংশ অভিভাৱকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহ। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনৰ মাজত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহে মাতৃভাষাক মাধ্যম হিচাপে লৈ চলাই আছে  শৈক্ষিক বিপ্লৱ। হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক, ফলাফলৰ দিশত সদাই জাতীয় বিদ্যালয়সমূহে ফেৰ মাৰি আহিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ সৈতে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।

আজি ঘোষিত ফলাফল অনুসৰি, নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা ৫৮৯ নম্বৰেৰে পঞ্চম স্থান দখল কৰিছে প্ৰিয়ংকা কলিতাই। ইফালে, গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা ৫৮৯ নম্বৰেৰে পঞ্চম স্থান অধিকাৰ কৰিছে উপাসা মুদৈয়ে। বেবেজিয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা নিশিতা খাটনিয়াৰে অধ্যয়ন কৰিছিল বেবেজিয়া আৰ্য জাতীয় বিদ্যালয়ত। নিশিতাই শীৰ্ষ দহৰ ভিতৰত অষ্টম স্থান দখল কৰে। একেদৰে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা দেৱাশ্ৰী শইকীয়াই অধ্যয়ন কৰিছিল অসম জাতীয় বিদ্যালয়, নুনমাটিৰ অধীনস্থ শংকৰদেৱ বিদ্যা মন্দিৰ জাতীয় বিদ্যালয়ত। আজি ঘোষিত ফলাফলত অষ্টম স্থান দখল কৰিছে দেৱাশ্ৰী শইকীয়াই। আনহাতে, উত্তৰ বজালী হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা উদ্দীপ্ত কলিতাই অধ্যয়ন কৰিছিল পাঠশালা জাতীয় বিদ্যালয়ত। দশম স্থান অধিকাৰ কৰিছে উদ্দীপ্ত শইকীয়াই। এই পাঁচগৰাকীৰ উপৰি দশম স্থান দখল কৰা অচ্যুত কুমাৰ চেতিয়া গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ।

জাতীয় বিদ্যালয়ৰ এই জয়যাত্ৰাক লৈ উৎফুল্লিত প্ৰতিখন জাতীয় বিদ্যালয়৷ উত্তৰসুৰীৰ বাবেও জাতীয় বিদ্যালয়ৰ এই ফলাফল উৎসাহ আৰু প্ৰেৰণাদায়ক৷ চৰকাৰী বিদ্যালয়ৰ বিফল গাঁথাৰ বিপৰীতে মাতৃভাষাক মাধ্যম হিচাপে লোৱা জাতীয় বিদ্যালয়সমূহত অব্যাহত থাকক জয়ৰ ধাৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি