• Home
  • »
  • News
  • »
  • assam
  • »
  • "কা" বিৰোধী আন্দোলন এৰি হঠাৎ চৰকাৰী কাৰ্যসূচীত অভিনেতা যতীন বৰা! কি ক’লে যতীন বৰাই?

"কা" বিৰোধী আন্দোলন এৰি হঠাৎ চৰকাৰী কাৰ্যসূচীত অভিনেতা যতীন বৰা! কি ক’লে যতীন বৰাই?

বিজেপি ত্যাগৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীত উপস্থিত যতীন বৰা

বিজেপি ত্যাগৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীত উপস্থিত যতীন বৰা

বিজেপি ত্যাগৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীত উপস্থিত যতীন বৰা

  • Share this:


বিজেপি ত্যাগ কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত যোগদান কৰা অভিনেতা যতীন বৰা পুনৰ বিজেপিলৈ ঘূৰি যোৱাৰ কথা বিভিন্ন মহলত চৰ্চিত হৈ থকাৰ সময়ত আজি গৃহ চহৰ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উদযাপিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দেখা গ'ল অভিনেতা গৰাকীক।

কা বিৰোধী আন্দোলনত জড়িত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিনেতা গৰাকীয়ে কয় যে, "নগাঁও মোৰ গৃহচহৰ, নগাঁৱত খুউব ভালকৈ গণৰাজ্য দিৱস উদযাপিত হয়। কিন্তু মই অহাৰ সুযোগ পোৱা নাছিলো, সেয়ে আজি আহিলো।‘’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে ভাগ লোৱা কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজেপি তথা অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল যদিও অভিনেতা গৰাকীয়ে বিজেপি মহলৰ পৰা দূৰত্ব অৱস্থান কৰি আসন গ্ৰহণ কৰাও দেখা গ'ল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি