থানাৰ ভিতৰত কি ভুল কৰিলে অভিনেতা যতীন বৰাই? যতীন বৰাই কৰা ভুল আপুনি কৰিলে হ’ব গ্ৰেপ্তাৰ!

আৰক্ষী চকীৰ ভিতৰত ফেচবুক লাইভ কৰা কিমান যুক্তিসংগত? আইনৰ মতে ই এক অপৰাধ।অভিনেতা যতীন বৰাই ‘ৰত্নাকৰ’ ছবিৰ পাইৰেচী সন্দৰ্ভত গীতানগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যাওতে থানাৰ পৰাই ফেচবুক লাইভ কৰি সকীয়নী দিছিল।

News18-Assam
Updated:October 19, 2019, 4:20 PM IST
থানাৰ ভিতৰত কি ভুল কৰিলে অভিনেতা যতীন বৰাই? যতীন বৰাই কৰা ভুল আপুনি কৰিলে হ’ব গ্ৰেপ্তাৰ!
আৰক্ষী চকীৰ ভিতৰত ফেচবুক লাইভ কৰা কিমান যুক্তিসংগত? আইনৰ মতে ই এক অপৰাধ।অভিনেতা যতীন বৰাই ‘ৰত্নাকৰ’ ছবিৰ পাইৰেচী সন্দৰ্ভত গীতানগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যাওতে থানাৰ পৰাই ফেচবুক লাইভ কৰি সকীয়নী দিছিল।
News18-Assam
Updated: October 19, 2019, 4:20 PM IST
যতীন বৰাৰ নতুন ছবি ৰত্নাকৰে মুক্তিৰ দিনাৰ পৰাই বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ। ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ।  বহুবাৰ যতীন বৰাই অনুৰোধ জনোৱাৰ পিছতো একাংশই ছবিগৃহত চিনেমাখনৰ কিছু আকৰ্ষণীয় দৃশ্য ৰেকৰ্ডিং কৰি আপলোড কৰিছিল ছচিয়েল মিডিয়াত। যাৰফলত অভিনেতা যতীন বৰা আৰু ছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মাই গীতানগৰ থানাত উপস্থিত হৈ দিছিল এজাহাৰ।

কিন্তু আবেগৰ বশবৰ্তী হৈ যতীন বৰা আৰু নৱনীতা শৰ্মাই থানাৰ ভিতৰৰ পৰাই ফেচবুক লাইভ কৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো বহুবাৰ কেমেৰাত আৱদ্ধ কৰিলে। ‘Copy Right’ উলংঘন কৰাৰ লগতে চাইবাৰ ক্ৰাইমৰ ওপৰত যতীন বৰাই থানাৰ ভিতৰৰ পৰাই ফেচবুক লাইভ কৰি এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ।

সমগ্ৰ বিষয়টোৰ ওপৰত News18ৰ আগত এগৰাকী জ্যেষ্ঠ অধিবক্তাই কয় যে, আৰক্ষী চকীত ফেচবুক লাইভ কৰা, বা থানাৰ ভিতৰত কেমেৰা কৰা আদি আইনৰ দৃষ্টিত অপৰাধ।

সেইদৰে থানাৰ বিষয়াৰ অনুমতি লৈও কৰিব নোৱাৰিব এনে কাম।

ভাৰতীয় দণ্ডবিধিৰ ৩৫৩ নং ধাৰাৰ মতে, কৰ্মস্থলীত এগৰাকী কৰ্তব্যৰত চৰকাৰী বিষয়াৰ অসুবিধা হোৱাকৈ কোনো লোকে কাৰ্যালয়ত উপস্থিত থাকি একো কাম কৰিব নোৱাৰিব।
অন্যথা আইনমতে দণ্ডনীয় হ’ব। কৰ্তব্যৰত বিষয়াজনৰ মনোযোগ ভংগ কৰা, বা ডিউটি কৰি থাকোতে অসুবিধা দিয়া এক জামিন বিহীন অপৰাধ বুলি গণ্য কৰা হয়। লগতে দুবছৰ পৰ্যন্ত জেইল আৰু জৰিমনাৰো সন্মুখীন হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি