কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য। জাপানীজ এনকেফেলাইটিছ (Japanese Encephalitis) ৰোধ কৰাৰ বাবে শনিবাৰে প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, যুটীয়া সঞ্চালক, DPM, NHM, স্বাস্থ বিষয়াৰে সৈতে আলোচনাত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।
এই বৈঠকৰ পিছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে কোভিড (Covid19) লৈ এতিয়ালৈ শংকাৰ কাৰণ নাই। কিন্তু জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি উদ্বিগ্নতা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
শেহতীয়াকৈ ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে যদিও ভেকচিন (Covid Vaccine) লোৱা বাবে বিশেষ ক্ষতি কৰিব নোৱাৰে বুলি কয় মন্ত্ৰী মহন্তই। অন্যহাতেদি শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta)ই।
ৰাজ্যৰ প্ৰতিখন জিলাতে জাপানীজ এনকেফেলাইটিছৰ পৰা ৰোধ কৰিবলৈ ভেকচিনৰ ব্যৱস্থা কৰিবলা নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|