• Home
  • »
  • News
  • »
  • assam
  • »
  • Japanese Encephalitis : বানৰ পিছত কামপুৰত জাপানীজ এনকেফেলাইটিছৰ আতংক, এসপ্তাহত ৩জন মৃত্যুমুখত

Japanese Encephalitis : বানৰ পিছত কামপুৰত জাপানীজ এনকেফেলাইটিছৰ আতংক, এসপ্তাহত ৩জন মৃত্যুমুখত

 নিপন বৰদলৈ বিগত চাৰি দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷

নিপন বৰদলৈ বিগত চাৰি দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷

নিপন বৰদলৈ বিগত চাৰি দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷

  • Share this:
কামপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু।এই পৰ্যন্ত কামপুৰত তিনিজন ব্যক্তিৰ জাপানীজ এনকেফেলাইটিছ মৃত্যু।

দুটাকৈ বানে ধুৱাই নিয়া কামপুৰত এতিয়া বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। কামপুৰত বানৰ পিছত এতিয়া জাপানীজ এনকেফেলাইটিছ (Japanese encephalitis) ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কামপুৰত সোমবাৰে পুনৰ এজন যুৱকৰ মৃত্যু হয়।

উল্লেখযোগ্য যে এসপ্তাহতে কামপুৰত (Kampur) জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিজনৰ ব্যক্তিৰ মৃত্যু ঘটিছে। সোমবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা যুৱকজন হৈছে কামপুৰ বিলছা আটিৰ নিপন বৰদলৈ।

উল্লেখ্য, নিপন বৰদলৈ বিগত চাৰি দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ। এসপ্তাহৰ ভিতৰতে কামপুৰৰ দক্ষিণ চাংচকীৰ প্ৰাক্তন শিক্ষক পুলিন মজুমদাৰ আৰু নিজ কামপুৰৰ কপিল লস্কৰৰ ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

এটা সপ্তাহৰ ভিতৰতে তিনিগৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ঘটনাই কামপুৰবাসী ৰাইজক শংকিত কৰি তুলিছে।
Published by:Gautam Barman
First published: