• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত এটা মাহত জাপানিছ এনকেফেলাইটিছত মৃত্যু ৭৭ জন ব্যক্তিৰ

অসমত এটা মাহত জাপানিছ এনকেফেলাইটিছত মৃত্যু ৭৭ জন ব্যক্তিৰ

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৭৭টা

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৭৭টা

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৭৭টা

  • Share this:
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে জাৰি কৰা এক তথ্য অনুসৰি, বৰ্তমানলৈকে অসমত জাপানিছ এনকেফেলাইটিছৰ ৩৭০ টা কেচ পঞ্জীয়নভুক্ত হৈছে আৰু ইয়াৰে ভিতৰত বিগত এটা মাহত ৭৭ জন লোকৰ প্ৰাণ গৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে উল্লেখ কৰা মতে, সংক্ৰমণৰ ফলত কামৰূপ জিলাৰ নতুনকৈ দুজনৰ মৃত্যুৰ হোৱাৰ খবৰ পোৱা গৈছে। ইফালে, কালিৰ দিনটোত ৰাজ্যত দুটা নতুন কেচ পঞ্জীয়ন হৈছিল যাৰ ভিতৰত এজন গোৱালপাৰা আৰু আনজন শোণিতপুৰৰ আছিল।

উল্লেখযোগ্য যে, ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৭৭টা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়াসকলে কয় যে, বৰ্তমান অসমৰ গোটেই ৯ খন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন জিলা চিকিৎসালয়ৰ ICU আৰু লেবৰেটৰীত পৰীক্ষাৰ সুবিধা আগতীয়াকৈ প্ৰস্তুত কৰি ৰখা হৈছে যাক জাপানীজ এনকেফেলাইটিছ চিকিৎসা কেন্দ্ৰ বুলি আখ্যা দিয়া হৈছে।

মন কৰিব লগীয়া যে, এই সংক্ৰমণটো এটা ভাইৰেল মগজুৰ সংক্ৰমণ যি মহৰ কামোৰৰ জৰিয়তে বিয়পে। ভাইৰাছটো গাহৰি আৰু চৰাইৰ ক্ষেত্ৰত পোৱা যায় আৰু সংক্ৰমিত জন্তুবোৰক কামোৰাৰ সময়ত মহলৈ বিয়পে।
Published by:Sanjay Kumar Das
First published: