‘জনতা কাৰ্ফিউ’ৰ কাৰণে এদিন পূৰ্বেই লৈ আহিল কইনা, কোৰোণা আতংকৰ মাজতে অসমৰ এখ‍ন বিয়া

News18 Assam | News18-Assam
Updated:March 23, 2020, 8:37 AM IST
‘জনতা কাৰ্ফিউ’ৰ কাৰণে এদিন পূৰ্বেই লৈ আহিল কইনা, কোৰোণা আতংকৰ মাজতে অসমৰ এখ‍ন বিয়া
বিয়াৰ অভ্যৰ্থনা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে।

বিয়াৰ অভ্যৰ্থনা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে।

  • Share this:
কোৰোণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ বিভিন্নজনে প্ৰয়াস কৰি আছে যদিও এতিয়াও এচাম মানুহে বিশ্বজুৰি মৃত্যুলীলা চলোৱা অতিমাৰীৰ ভয়াৱহতা বুজি উঠা নাই। দেওবাৰে পুৱা ৭বজাৰ পৰা নিশা ৯বজালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ৰ প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত সঁহাৰি জনোৱাৰ সময়তে অসমত এহাল দৰা–কইনাই দেখুৱালে বিশেষ দৃষ্টান্ত।

প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ৰ বাবে এদিন পূৰ্বেই দৰাই লৈ আহিল কইনা ৷ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিলে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান৷

জনতা সান্ধ্য আইনৰ কাৰণে এদিন পূৰ্বে বিয়া কৰোৱা যুৱকজন গোলকগঞ্জৰ ৷ গোলকগঞ্জৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ অভিযন্তা শাহিনুৰ আলম মীৰ ৷ যুৱক জনৰ ঘৰ গোলকগঞ্জৰ চতুৰ্থ খণ্ডত ৷ ৷

দক্ষিন শালমৰা মানকাচৰ জিলাৰ মানকাচৰ কলেজ নগৰৰ নিৱাসী আলহাজ মহম্মদ গোলাম কৈবেৰিয়াৰ কনিষ্ঠ জীয়াৰী ৰাবিয়া চুলতানৰে বিবাহ ঠিক হৈছিল গোলকগঞ্জৰ শাহিনুৰৰ ৷ বিবাহৰ তাৰিখ আছিল ২২ মাৰ্চ ৷ কিন্তু কোৰোণাৰ মহামাৰিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধান মন্ত্ৰীয়ে ২২ মাৰ্চত আহ্বান জনাইছিল ‘জনতা কাৰ্ফিউ’ৰ। যাৰ কাৰণে শাহিনুৰে বিয়া কৰাই লৈ আহে ৰুবিয়াক ৷ ৰুবিয়া এগৰাকী ফিজিও থেৰাপিস্ট ৷

 

ইপিনে বিবাহৰ প্ৰতিভোজ আছিল ২৪ মাৰ্চ ৷ কিন্তু প্ৰধান মন্ত্ৰীৰ আহ্বান আৰু কৰনাৰ মহামাৰিৰ প্ৰতি লক্ষ্য ৰাখি সাহিনুৰে বিবাহৰ প্ৰিতিভোজ পিছুৱাই দিলে অনিৰ্দিস্ট সময়লৈ ৷

 
আৰু চাওক
পৰৱৰ্তী বাতৰি