আজি জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে দুই–তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰো।

News18-Assam
Updated:August 23, 2019, 11:01 AM IST
আজি জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে দুই–তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰো।
News18-Assam
Updated: August 23, 2019, 11:01 AM IST
আজি জন্মাষ্টমী। ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে সত্ৰ–নামঘৰসমূহত আৰম্ভ হৈছে ভকত–বান্ধৱৰ ভিৰ। ভক্তিৰসৰ অমিয়া সুৰেৰে জীপাল হৈ পৰিছে উজনি–নামনি। ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে দুই–তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰো। বাসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা ভগৱান শ্ৰীকৃষ্ণই পৰৱৰ্তী সময়ত দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। সেইবাবেই পৰম ঈশ্বৰ শ্ৰীকৃষ্ণৰ এই জন্মদিনটোকে জন্মাষ্টমী হিচাপে উদযাপন কৰি অহা হৈছে। ইফালে জন্মাষ্টমী উপলক্ষে আজি দিনটোক চৰকাৰী বন্ধৰূপে ঘোষণা কৰা হৈছে। বন্ধ আছে সকলো চৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান–প্ৰতিষ্ঠান।
আৰু চাওক পৰৱৰ্তী বাতৰি