আজি বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত কৰা হয় 'জনজাতীয় গৌৰৱ দিৱস'। আদিবাসী সমাজক ব্ৰিটিছবিৰোধী সংগ্ৰামত নেতৃত্ব দিয়া দেশৰ স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানৰ আয়োজন কৰিছিল ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বীৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি- ‘স্বাধীনতা যুঁজাৰু, ধৰ্মীয় নেতা আৰু জনজাতীয় লোকসমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল বীৰছা মুণ্ডা।’ মুণ্ডাৰ স্মৃতি ৰক্ষণাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক তেওঁ আদৰণি জনায়। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰসংগ উত্থাপন কৰি বীৰছা মুণ্ডাৰ পৱিত্ৰ জয়ন্তীত নিজৰ জনজাতীয় গৌৰৱ জীয়াই ৰখাৰ তথা পৰম্পৰাগত সংস্কৃতি সংৰক্ষণৰ অংগীকাৰ কৰে।
অনুষ্ঠানত বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আদি কেইবাগৰাকীও নেতাৰ লগতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|