• Home
  • »
  • News
  • »
  • assam
  • »
  • তুংগত G-20 সন্মিলনৰ প্ৰস্তুতি ! ২০খন দেশৰ পতাকাৰে দৃষ্টিনন্দন জনতা ভৱন ...

তুংগত G-20 সন্মিলনৰ প্ৰস্তুতি ! ২০খন দেশৰ পতাকাৰে দৃষ্টিনন্দন জনতা ভৱন ...

তুংগত G-20 সন্মিলনৰ প্ৰস্তুতি। জনতা ভৱনত উৰিছে ভিন্ন দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷ ৬–৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত হ’ব য়ুথ–২০ গোটৰ বৈঠক, গুৱাহাটী–ডিব্ৰুগড়ত হ’ব ৫ খন বৈঠক ৷ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিললৈ হ’ব ৫ খন বৈঠক ৷

  • Share this:
জনতা ভৱনত উৰিছে ভিন্ন দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷ ৬–৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত হ’ব য়ুথ–২০ গোটৰ বৈঠক, গুৱাহাটী–ডিব্ৰুগড়ত হ’ব ৫ খন বৈঠক ৷ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিললৈ হ’ব ৫ খন বৈঠক ৷ ইয়াৰে গুৱাহাটীত ৬–৮ ফেব্ৰুৱাৰী, ১৩–১৫ মাৰ্চ, ৩–৫ এপ্ৰিলত বৈঠক ৷ ২৩–২৪ মাৰ্চত ডিব্ৰুগড়ত বৈঠক ৷ অংশ ল’ব ৰাজ্যৰ ৩৪ জিলাৰ ১২,০০০ শিক্ষাৰ্থীয়ে, অংশগ্ৰহণ কৰিব ২০খন দেশৰ প্ৰতিনিধিৰ লগতে ৰাষ্ট্ৰপ্ৰধানে ৷ বিভিন্ন দেশৰ ২৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

জনতা ভৱনত উৰিছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, চীন, ব্ৰাজিল, কানাডা, ই ইউ, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, তুৰ্কী,ইউ কে আৰু ইউ এছ এৰ পতাকা ৷ ৰং কৰা হৈছে সকলো আচবাবত ৷ কৰা হৈছে পৰিস্কাৰ ৷ সচাকৈয়ে অসমৰ বাবে ভাল খবৰ । এইবাৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ ৫ খন বৈঠক অসমত অনুষ্ঠিত হ’ব (Four meetings of G20 summit to be held in Assam) । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে অসমত ৫খন জি-২০ বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে । আনহাতে অসমত ৫খন বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ প্ৰতিখনতে এখনকৈ বৈঠক অনুষ্ঠিত হ’ব (G 20 summit meeting to be held in North East) ।ভাৰতে আনুষ্ঠানিকভাৱে জি-২০ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতেই কেন্দ্ৰীয় সাংস্কৃতিক, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ (ড’নাৰ) মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ-পূৰ্বাঞ্চলত জি-২০ৰ বৈঠক আয়োজন কৰাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । ড’নাৰ, পৰ্যটন, সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত কিদৰে বৈঠকসমূহ সফলতাৰে ৰূপায়ণ কৰা হ’ব সেই সন্দৰ্ভত আলোচনা কৰা হয় ।উল্লেখ্য যে জি-২০ সন্মিলনৰ বাবে প্ৰস্তাৱিত ২০ স্থানৰ ভিতৰত ৮টাই হৈছে উত্তৰ-পূবৰ । এই বৈঠকৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি তথা প্রাকৃতিক সম্পদাজিক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ অসমে সুবিধা লাভ কৰিব । ইতিমধ্যে জি-২০ শীর্ষ সন্মিলনৰ মুখ্য সমন্বয়ক কূটনীতিবিদ হিচাপে পৰিচিত হর্ষবর্ধন ছিংলাৰ নেতৃত্বাধীন কেন্দ্ৰৰ এটা গোটে একাধিকবাৰ অসম ভ্রমণ কৰিছে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি