জনতা ভৱনত পৰি ৰৈছে নিষ্পত্তিবিহীন লাখৰ হিচাপত ফাইল ৷ পুৰণি ফাইল নিষ্পত্তি হ'ব মিছন সদভাৱনাৰ জৰিয়তে ৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া মিছন সদভাৱনাৰ ফাইল নিষ্পত্তিৰ কামৰ পূৰ্বে মাগদৰ্শনমূলক বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (
CM Himanta Biswa Sarma) ৷
শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankardeva Kalakshetra) আয়োজিত এই বৈঠকত উপস্থিত থাকিল জনতা ভৱনৰ বিষয়া-কৰ্মচাৰী (CM meeting with Janta Bhawan officials) ৷ মিছন সদভাৱনাৰ আৰম্ভণি পূৰ্বে মাগদৰ্শনমূলক বৈঠকত মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০০২ চনৰ পৰা তেওঁ মন্ত্ৰী হিচাপে জনতা ভৱনৰ ভিতৰ চ'ৰাক ভালকৈ জানে বুলি উল্লেখ কৰি জনতা ভৱনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ স্বভাৱৰ উনুকিয়াই ৷
এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- জনতা ভৱনলৈ মানুহ কিয় আহে? কি কামৰ বাবে জনতা ভৱনত মানুহে ভিৰ কৰে? কোন কোন বিভাগলৈ মানুহ বেছি আহে? মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীক সন্মুখত বহোৱাই লৈ এনেদৰে ক'লে ।
মুখ্যমন্ত্ৰীৰ মতে ১৯৮৫ৰ আগলৈকে জনতা ভৱনত মানুহ বেছি নাহিছিল ৷ ১৯৮৫ৰ পিছৰ পৰাহে অহা আৰম্ভ হয় ৷ পিছে কোন কোন মানুহে ৰাইজৰ কাম কৰি দিম বুলি টকা তুলি দূৰ-দূৰণিৰ পৰা জনতা ভৱনলৈ আহে ৷ ইয়াৰ ব্যাখ্যাও জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰ সন্মুখত দিলে মুখ্যমন্ত্ৰীয়ে ৷
এইবাৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে নিজৰ কথা৷ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব নিবিচাৰে যদিও সময়ে তাক কেতিয়াও নামানিব ৷ অৱসৰৰ দিন এদিন আহিবই ৷
মাটিৰ পেণ্ডি কাম নিষ্পত্তি কৰাৰ বাবে আৰম্ভ কৰা মিছন বসুন্ধৰাত প্ৰথম পৰ্যায়তে আঠ লাখ লোকে আবেদন কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ দাবী- “ছিষ্টেমৰ ভয়ত এই আঠ লাখ মানুহে কাম নিষ্পত্তিৰ বাবে আগবাঢ়ি অহা নাছিল ৷ মিছন বসুন্ধৰাৰ জৰিয়তে এই কথা প্ৰমাণ হ'ল ৷”
মিছন বসুন্ধৰাৰ দৰে এতিয়া জনতা ভৱনত পেণ্ডিং হৈ পৰি থকা ফাইল সমূহ নিষ্পত্তি কৰাৰ বাবে পহিলা ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ হ'ব ৷ ইয়াৰ পূৰ্বে ২৫ জানুৱাৰীত জনতা ভৱনত কৰ্মৰত IAS আৰু ACS সকলৰ সৈতে এক বৈঠকত বহিব মুখ্যমন্ত্ৰী ৷ একেদৰে ২৭ জানুৱাৰীত ৰৈ যোৱা জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰ সকলৰে আন এক বৈঠকত বহিব মুখ্যমন্ত্ৰী ৷ মুখ্য সচিবৰ পৰা আৰম্ভ কৰিব অন্যান্য বিষয়াসকলে প্ৰতিদিনত দুহাজাৰ কৈ ফাইল নিস্পত্তি কৰাৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে ৷
বিষয়া-কৰ্মচাৰী সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড° শৰ্মাই এইবাৰ ক'লে- “মই হাৰাশাস্তি কৰা বুলি নাভাবিব ৷ এয়া ৰাইজৰ কাম আৰু ৰাইজৰ কাম আপোনালোকে কৰক ৷ এয়া সৌভাগ্যৰ কথা বুলি বিবেচনা কৰক ৷”
জনতা ভৱনৰ পৰিৱেশ সুস্থ আৰু স্বাস্থ্যসন্মত কৰাত গুৰুত্ব দি মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “এঘাৰ মে'ৰ পৰা ই-অফিছৰ কাম আৰম্ভ হ'ব ৷ ২০২৩ৰ দহ মে'ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ই-অফিছ ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|