খেতিৰ সুবাস সুকীয়া ৷ লাভ-লোকচানৰ কথাও সুকীয়া ৷ সদায় নতুনত্বৰ সন্ধানত থাকে একাংশ খেতিয়ক ৷ নিজ কৃষি উৎপাদিত পাচলিৰে উৎফুল্ল হয় সততে কৃষকসকল ৷ তাৰে মাজৰ এজন জামুগুৰিহাটৰ যুৱ কৃষক শৰৎ বৰুৱা ৷ আপোনাৰ আহাৰৰ থালখনৰ কাষত কেৰ'টিনা আৰু ভেলেণ্টিনা ৷ এয়া কোনো বলীউড বা হলীউডৰ নায়িকাৰ নাম নহয় ৷ কেৰ'টিনা আৰু ভেলেণ্টিনা (Cerotena and Valentena) হৈছে মূলতঃ নতুন জাতৰ দুটা ফুলকবিহে ৷
"ভাল লাগে নতুন কিবা এটা কৰি ৷ আমাৰ সুবিধা কম ৷ তাৰ মাজৰে দহ বছৰ ধৰি খেতি কৰি আহিছোঁ ৷ এইবাৰ SYNGENTAৰ এই দুই বীজ কৰি চালোঁ৷ বেছিবলৈ মন নাযায় ৷ ইমান ধুনীয়া খেতিদৰা সেয়া চায়েই আপ্লুত ৷ কিন্তু বিক্ৰী কৰিবই লাগিব ৷ কৰিছোঁ, ভাল দাম পাইছো ৷"—শৰৎ বৰুৱাই কয়।
কৃষক বজাৰলৈ নতুনকৈ এই দুবিধ সুস্বাদু আৰু দেখাত সুন্দৰ ব্যঞ্জনক লৈ এতিয়া আগ্ৰহ বাঢ়িছে ৰাইজৰ ৷ উল্লেখ্য যে কেৰ'টিনাত আছে বহু ঔষধি গুণো ৷কেৰ'টিনাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে প্ৰচুৰ পৰিমাণে দিয়ে ভিটামিন A । আনহাতে ভেলেণ্টিনাত থাকে এণ্টিঅক্সিডেণ্ট ৷
অসমৰ ভিন্ন স্থানত ইতিমধ্যে আদৰি লোৱা এই খেতিৰ পৰা কৃষক যথেষ্ট পৰিমাণে আগবঢ়াৰ থল আছে ৷ অৱশ্যেই ইয়াৰ বাবে লাগিব বিভাগীয় সহায়-সহযোগ ৷ লাগিব প্ৰশিক্ষণ ৷