உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জামুগুৰিহাটত এটা ছাগলীক কেন্দ্ৰ কৰি সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড! আৰক্ষীয়ে আটক কৰিলে তিনি অভিযুক্তক

    জামুগুৰিহাটত এটা ছাগলীক কেন্দ্ৰ কৰি সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড! আৰক্ষীয়ে আটক কৰিলে তিনি অভিযুক্তক

    এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰী গাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

    এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰী গাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

    এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰী গাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

    • Share this:
    এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰী গাঁৱত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে, ওপৰকুৰী গাঁৱৰ এখন ছাগলী ফাৰ্মত বুধবাৰে  আনৰ  ছাগলী আনি ৰখাৰ বাবে  ফাৰ্মখনত কৰ্মৰত জয় ঘাটোৱাল নামৰ এজন ব্যক্তিক ফাৰ্মৰ স্বত্বাধিকাৰী পল্লৱ হাজৰিকা আৰু কেইজনমানে ধমক দিয়ে।

    বহি:ৰাজ্যৰপৰা ছাগলী ক্ৰয় কৰি আনি ব্যৱসায় আৰম্ভ কৰা পল্লৱৰ লগতে যুৱককেইজনে ফাৰ্মত কৰ্মৰত জয় ঘাটোৱালক আনৰ ছাগলী আনি ফাৰ্মত কিয় ৰাখিবলগীয়া হ’ল বুলি প্ৰশ্ন কৰাৰ পৰাই  সূত্ৰপাত হয় কাজিয়াৰ ৷ আৰু পিছত যুৱককেইজনে ঘাটোৱালক লাঠীৰে কোবাই শেষত চোকা অস্ত্ৰৰে উপৰ্যুপৰী আঘাত কৰে।

    এনেদৰে স্বামীক আক্ৰমণ কৰা দেখি জয়ৰ পত্নী সীমা ঘাটোৱালে পল্লৱ হাজৰিকাৰ লগতে যুৱক কেইজনক বাধা দিবলৈ চেষ্টা কৰে যদিও কোনো উত্তৰ নাপাই  অন্য লোকৰ সহায় বিচাৰি চুবুৰীয়াৰ ঘৰত উপস্থিত হৈ ঘটনাৰ সম্পৰ্কে বিৱৰি কয়।

    পিছত স্বামীক উদ্ধাৰৰ বাবে চুবুৰীয়া দুই এজনক লৈ সীমা ঘৰলৈ উভতি আহি জয় ঘাটোৱালৰ মৃতদেহ এডাল গছত ওলমি থকা প্ৰত্যক্ষ কৰে৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ  উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

    জয় ঘাটোৱালৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি সীমাই দাখিল দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে জামুগুৰি আৰক্ষীয়ে অভিযুক্ত পল্লৱ হাজৰিকা, বিশ্ব হাজৰিকা, মানস জ্যোতি শইকীয়া আৰু ৰাতুল বনিয়াক আটক কৰি সোধা-পোছ আৰম্ভ কৰিছে ৷ ঘটনাটোৰ লগত আন কেবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
    Published by:Himangshu Bhuyan
    First published: