সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল জমিয়ত উলেমা ই হিন্দ

News18 Assam | News18-Assam
Updated:July 16, 2020, 6:28 PM IST
সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল জমিয়ত উলেমা ই হিন্দ

  • Share this:
অসমত বিধানসভা আৰু লোকসভা সমষ্টি সমূহৰ জনগাঁথনিৰ ভিত্তিত ভৌগোলিক সীমা পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ২৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰপতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাইছ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত কাষ চাপিছে জমিয়ত উলেমা ই হিন্দ। বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ এ এচ বোপান্না আৰু ন্যায়াধীশ সুভাষ ৰয়ৰ তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰে।

এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কেন্দ্ৰক প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। জমিয়তৰ লগতে কে এম জাকাৰীয়া বাৰভূঞা নামৰ এজন লোকেও অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নকৰাৰ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। এইখন আবেদনৰ শুনানিও একেলগে গ্ৰহণ কৰি অনুৰূপ নির্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। পূৰ্বতে এআইইউডিএফ-এ অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত কেন্দ্ৰই অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ, এক নিৰ্দেশনাৰ যোগেদি সাময়িক ভাৱে স্থগিত কৰি ৰাখিছিল। কাৰণটো আছিল ৭ বছৰ উকলি যোৱা ২০০১ চনৰ লোকপিয়লৰ  ভিত্তিত এই কাম সমাধান কৰিলে বৰ্ধিত জনসংখ্যা আৰু পৰিৱৰ্তিত জনগাঁথনিলৈ চাই এই কাম আসোঁৱাহ পূৰ্ণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছিল। কিন্তু পুনৰ ২০২০ চনত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ ভিত্তিহীন আখ্যা দি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত ।
Published by: Himangshu Bhuyan
First published: July 16, 2020, 6:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading