নগাঁও চহৰৰ সমীপৱৰ্তী সোণাইঘাটত নগাঁও -ধিং গড়কাপ্টানী পথৰ দাঁতিত থকা সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেদখলীকৃত ভূমিত বুধবাৰৰ দিনটোত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ লগতে চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ভূমি বেদখল কৰি জমিয়তৰ এজন নেতাৰ পৃষ্ঠপোষকতাত জমিয়তৰ এটা কাৰ্যালয় নিৰ্মাণৰ নামত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্য চলি আছিল।
বুধবাৰে নগাঁও সদৰ চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উপস্থিতিত বিদ্যালয়খনৰ খেলপথাৰৰ ভূমিত উচ্ছেদ অভিযান চলোৱা হয়। ইপিনে এটা স্বেচ্ছাসেৱী সংগঠনৰে জড়িত জিলাখনৰ জমিয়ত উলেমাৰ নেতাজনে জমিয়তৰ কাৰ্যালয় নিৰ্মাণৰ নামত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰে।
জানিব পৰা মতে, সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয় সমিতিৰ তৰফৰ পৰা সদৰ ৰাজহ চক্ৰ বিষয়াক বিদ্যালয়খনৰ ভূমি বেদখল কৰা বুলি অভিযোগ দাখিল কৰাৰ পিছত আজি প্ৰশাসনে উক্ত স্থানত উচ্ছেদ অভিযান চলায়।
উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ উপৰি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কিছু ভূমিও বেদখলকাৰীৰ কবলত আছে। বেদখলকাৰীৰ কবলত থকা উক্ত চৰকাৰী ভূমিত প্ৰশাসনে শীঘ্ৰে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।