• Home
  • »
  • News
  • »
  • assam
  • »
  • অহা ১ মাহৰ ভিতৰত মহানগৰবাসীয়ে লাভ কৰিব বিশুদ্ধ খোৱাপানী!

অহা ১ মাহৰ ভিতৰত মহানগৰবাসীয়ে লাভ কৰিব বিশুদ্ধ খোৱাপানী!

অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব।

অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব।

অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব।

  • Share this:
অহা ১ মাহৰ ভিতৰত খোৱাপানী লাভ কৰিব মহানগৰীবাসীয়ে। ইতিমধ্যেই জালুকবাৰীৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈছে উঠিছে। শুকুৰবাৰে এই প্ৰকল্প পৰিদৰ্শন কৰিলে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই প্ৰকল্পৰ জৰিয়তে মালিগাঁও, পাণ্ডু, কামাখ্যা, ভৰলুমুখ আদি স্থানৰ ৰাইজে পাব বিশুদ্ধ খোৱাপানী।

ইয়াৰোপৰি অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। এই কথা জনালে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ইফালে মূল্যবৃদ্ধি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। বহিঃৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিব লগা হোৱা বাবেই মাজে সময়ে বৃদ্ধি পাই মূল্য। আনহাতে ২০২১ত পুণৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
Published by:Sanjay Kumar Das
First published: