உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Election: ১নং ৱাৰ্ডত পৰাজিত হৈ বিজেপি নেতাই দিয়া মন্তব্যক লৈ প্ৰতিক্ৰিয়া জালুকবাৰী সাহিত্য সভাৰ

    GMC Election: ১নং ৱাৰ্ডত পৰাজিত হৈ বিজেপি নেতাই দিয়া মন্তব্যক লৈ প্ৰতিক্ৰিয়া জালুকবাৰী সাহিত্য সভাৰ

    সাহিত্য সভাৰ বিষয়ববীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প নিবিয়পাবলৈ সকীয়নি দিয়ে

    সাহিত্য সভাৰ বিষয়ববীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প নিবিয়পাবলৈ সকীয়নি দিয়ে

    সাহিত্য সভাৰ বিষয়ববীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প নিবিয়পাবলৈ সকীয়নি দিয়ে

    • Share this:
    গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০টা ৱাৰ্ডৰ ২টা ৱাৰ্ডত বিজেপিৰ জয়যাত্ৰা অৱৰুদ্ধ হৈছিল অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ বাবে। এই দুয়োটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ নকৰাৰ বাবে প্ৰায়ভাগ বিজেপি নেতাই কৰিছিল বিতৰ্কিত মন্তব্য। এনে মন্তব্যৰ পৰিপ্ৰেক্ষিতত আজি ১নং ৱাৰ্ডৰ ফালৰ পৰা বিজেপিক (Assam BJP) সমালোচনা কৰা পৰিলক্ষিত হয়।

    ১নং ৱাৰ্ডত পৰাজিত হৈ গাড়ীগাঁৱৰ মুছলমানসকলক তাচ্ছিল্য কৰা বুলি বিজেপি নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰে জালুকবাৰী সাহিত্য সভাই (Jalukbari Sahitya Sabha)।

    গাড়ীগাঁৱৰ মুছলমানসকলক মিঞা, অনুপ্ৰৱেশকাৰী আখ্যা দিয়া জয়ন্তমল্ল বৰুৱা, পৱিত্ৰ মাৰ্ঘেৰিটাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জালুকবাৰী সাহিত্য সভাই এক সংবাদমেল সম্বোধন কৰে।

    সাহিত্য সভাৰ বিষয়ববীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প নিবিয়পাবলৈ সকীয়নি দি উল্লেখ কৰে যে গাড়ীগাঁৱত অতীজৰে পৰা মিলাপ্ৰীতিৰে বসবাস কৰি আছে হিন্দু-মুছলমানে। বিজেপিৰ নেতাৰ এনে মন্তব্যই সমাজত বিদ্বেষ বিয়পোৱাৰ আশংকা প্ৰকাশ কৰি গাড়ীগাঁৱৰ ইতিহাস অধ্যয়ন কৰিবলৈও বিজেপি নেতাক দাবী জালুকবাৰী সাহিত্য সভাৰ বিষয়ববীয়াৰ।

    ইয়াৰ লগতে গাড়ীগাঁওলৈ গৈ মিঞা আছে নে নাই চাবলৈ প্ৰত্যাহ্বান জনায়। সংবাদমেলত উপস্থিত থাকে জালুকবাৰী সাহিত্য সভাৰ সম্পাদক ছৰিফ উল্লা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° যোগেশ ডেকা, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড° হছৰত আলী , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ধীৰেন দাস, ড° উমেশ ডেকা , সাহিত্যিক পেঞ্চনাৰ বীৰেণ দাস, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ নৰম আলী , অধিবক্তা জোৎস্না আলী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।
    Published by:Gautam Barman
    First published: