মহানগৰীত আটক ভুৱা চিকিৎসক, ভুৱা পঞ্জীয়ন নম্বৰেৰে ডাৰ্মেট'লজিষ্টৰূপে কৰি আছিল চিকিৎসা

News18 Assam | News18-Assam
Updated:June 10, 2021, 8:16 PM IST
মহানগৰীত আটক ভুৱা চিকিৎসক,  ভুৱা পঞ্জীয়ন নম্বৰেৰে ডাৰ্মেট'লজিষ্টৰূপে কৰি আছিল  চিকিৎসা
ভুৱা চিকিৎসকগৰাকীয়ে মালিগাঁৱত ৰেডিয়েঞ্চ এইচ কিউ নামৰ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ মহানগৰীৰ আন তিনি ঠাই চিকিৎসা চলাইছিল।

ভুৱা চিকিৎসকগৰাকীয়ে মালিগাঁৱত ৰেডিয়েঞ্চ এইচ কিউ নামৰ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ মহানগৰীৰ আন তিনি ঠাই চিকিৎসা চলাইছিল।

  • Share this:

ৰাজ্যৰ চৌদিশে এতিয়া কোৰোণাবিৰোধী যুঁজ। মাৰাত্মক ভাইৰাছবিধক পৰাস্ত কৰিবলৈ স্বাস্থ্য বিভাগ তথা চিকিৎসকসকলে দিনে–নিশাই যুদ্ধ অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতেই গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে, বৃহস্পতিবাৰে মালিগাঁৱত আটক হয় এজন ভুৱা চিকিৎসক। জালুকবাৰী আৰক্ষীৰ জালত পৰা বহিঃৰাজ্যৰ ভুৱা চিকিৎসকজনৰ নাম অমিত কুমাৰ আৰু তেওঁৰ ঘৰ বিহাৰত।


ধৃত অমিতে ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰেৰে নিজকে MBBS ডিগ্ৰীধাৰী ডাৰ্মেট'লজিষ্টৰূপে পৰিচয় দি বিগত বহুদিন ধৰি চিকিৎসা চলাই আছিল। উল্লেখ্য যে আৰ্য হাস্পতালৰ এগৰাকী চিকিৎসকে জালুকবাৰী আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ভুৱা চিকিৎসকজনক। মালিগাঁৱৰ ১নং গেটত ৰেডিয়েঞ্চ এইচ কিউ নামৰ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ লগতে  মহানগৰীৰ আন তিনি ঠাইৰ উপৰি টংলা, বঙাইগাঁৱতো  চিকিৎসা চলাইছিল।


এজাহাৰৰ পিছতেই জালুকবাৰী আৰক্ষীয়ে চিকিৎসকজনৰ মালিগাঁওস্থিত চেম্বাৰত তালাচী চলাই বিভিন্ন ঔষধ-পাতি তথা আন বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰে। আৰক্ষীৰ দলটোৱে লগতে জব্দ কৰে AS01-AP-6387 নম্বৰৰ এখন চাৰিচকীয়া বাহনো। ভুৱা চিকিৎসক অমিত কুমাৰৰ লগতে আৰক্ষীয়ে তেওঁৰ সহযোগী হিতেশ দাস নামৰ আন এজন ব্যক্তিক সোধা-পোছাৰ বাবে আটক কৰিছে।



মন কৰিবলগীয়া কথা যে আটক কৰাৰ পাছতেই আৰক্ষীয়ে চিকিৎসকজনক লগত লৈ মালিগাঁও, জালুকবাৰীৰ বিভিন্ন স্থানতো অভিযান চলায়। জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, এনেদৰে ভুৱা চিকিৎসকেৰে ৰাজ্য ভৰি পৰাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল।

Published by: Gautam Barman
First published: June 10, 2021, 7:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি