உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জালুকবাৰী আৰক্ষীৰ অভিযানত পাণ্ডুত আটক তিনিটা তীৰৰ জুৱাৰী, দীৰ্ঘদিন ধৰি চলাই আহিছিল তীৰৰ জুৱা

    জালুকবাৰী আৰক্ষীৰ অভিযানত পাণ্ডুত আটক তিনিটা তীৰৰ জুৱাৰী, দীৰ্ঘদিন ধৰি চলাই আহিছিল তীৰৰ জুৱা

    ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    • Share this:


    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্যজুৰি তীৰৰ বুকি, জুৱাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ ব্যাপক অভিযান। ৰাজ্যৰ আন আন ঠাইৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ পাণ্ডু-মালিগাঁও আদি অঞ্চলত চলিল আৰক্ষীৰ অভিযান। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই তিনিটাকৈ তীৰৰ জুৱাৰী গ্ৰেপ্তাৰ কৰে। ধৃত জুৱাৰী কেইটাৰ নাম ক্ৰমে পাৰ্শ্ব পাল, দিলীপ দাস আৰু মনু দত্ত।

    উল্লেখ্য যে, তিনিওৰে পৰা আৰক্ষীয়ে তীৰ খেলৰ কেইবাখনো বহীসহ আন বিভিন্ন আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিছে। অভিযোগ অনুসৰি এই তিনি জুৱাৰীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত তীৰৰ অবৈধ বেহা চলাই আহিছিল।

    ইফালে, ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে জুৱাৰীকেইটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মন কৰিবলগীয়া বিষয় যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক তীৰ খেলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ লাভৰ পাছতেই এনেদৰেই ৰাজ্যত এই চলিছে তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
    Published by:Sanjay Kumar Das
    First published: