মুখ্যপৃষ্ঠা »খবৰ »অসম »Assamese Traditional Food: জলাবটা কি ? কিয় বিলোৱা হয় জলাবটা ?

Assamese Traditional Food: জলাবটা কি ? কিয় বিলোৱা হয় জলাবটা ?

Jala Bota A Traditional Lower Assamese Cuisine

Jala Bota A Traditional Lower Assamese Cuisine

জলাবটা- বিশেষকৈ নামনি অসমত প্ৰচলিত এক লোকাচাৰ। পূৰ্বৰে পৰা জলাবটাৰ লগত নামনি অসমৰ মানুহ তেনেই পৰিচিত।

  • Share this:
ৰাজেশ বৈশ্য, নলবাৰী: অসম ইয়াৰ জাতিগত বৈচিত্ৰ্যৰ বাবে জনাজাত। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি, সম্প্ৰদায়ে নিজৰ থলুৱা খাদ্যসম্ভাৰ প্ৰস্তুত কৰে। ঠাইভেদে সেয়েহে দেখা যায় খাদ্যৰ বৈচিত্ৰ। জলাবটা- বিশেষকৈ নামনি অসমত প্ৰচলিত এক লোকাচাৰ।পূৰ্বৰে পৰা জলাবটাৰ লগত নামনি অসমৰ মানুহ তেনেই পৰিচিত।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ বিবিধ খাদ্য প্ৰণালীয়ে ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্যবান হৈ থকাত সহায় কৰে। নামনি অসমত বিশেষকৈ কামৰূপ, নলবাৰী, বঙাইগাঁও, বাক্সা আদি অঞ্চলত যেতিয়া এখন ঘৰত কোনোবা নৱজাতকৰ আগমন ঘটে তেতিয়া মোমায়েকৰ ঘৰৰ পৰা নাইবা পৰিয়ালৰ আত্মীয়ৰ ফালৰ পৰা জলাবটা দিয়া নিয়ম প্ৰচলিত হৈ আহিছে।

নৱজাতকৰ আত্মীয়সকলে আনন্দ মনেৰে ৰং ফূৰ্তি কৰি বিভিন্ন ধৰণৰ মছলা, জলকীয়া, গোন্ধচনা, আদা, ভোট জলকীয়া আৰু বিধিধ বনৌষধি খুন্দি তৈয়াৰ কৰে জলাবটা। স্থানীয় ভাষাত ঠাইভেদে এই মিশ্ৰণটোক জলাবটা, জোলাবটা, জ্বালাবটা বুলিও কোৱা হয়। লোকবিশ্বাস অনুসৰি এই জলাবটা যিমান মানুহক দিয়া হয় সিমানেই নৱজাতকৰ আয়ুস বৃদ্ধি হয়।

পৰম্পৰাগতভাৱে জলাবটা কলপাত, হালধিপাত নাইবা লাওবন্ধা গছৰ পাতেৰে মেৰিয়াই দিয়া হয় আৰু নৱজাতকৰ বাবে আশীৰ্বাদ বিচাৰি আত্মীয়-চুবুৰীয়াৰ মাজত বিতৰণ কৰা হয়। বৰ্তমান সময়ত এই লোকাচাৰৰ ক্ষেত্ৰতো কিছু পৰিবৰ্তন দেখা গৈছে। পূৰ্বতে গাঁৱৰ আয়তীসকলে একেলগে পতা-পাটকুৰে এই জলাবটা তৈয়াৰ কৰিছিল।

কিন্তু বৰ্তমান সময়ত এই সামগ্ৰীসমূহ বজাৰতে উপলব্ধ হৈ উঠিছে। যাৰ ফলশ্ৰুতিত পূৰ্বৰ দৰে উৎসাহ দেখিবলৈ পোৱা নাযায়। কিন্তু এতিয়াও নামনি অসমৰ বিভিন্ন প্ৰান্তত নতুন সন্তান জন্মিলে জলাবটা বিলোৱাৰ পৰম্পৰা আছে।

শেহতীয়া বাতৰি