• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰহসনত পৰিণত শিৱসাগৰৰ কাঠপৰাৰ জল জীৱন মিছন আঁচনি; সকলো পাইপ, টেপ উঠাই নিবলৈ আহ্বান ৰাইজৰ

প্ৰহসনত পৰিণত শিৱসাগৰৰ কাঠপৰাৰ জল জীৱন মিছন আঁচনি; সকলো পাইপ, টেপ উঠাই নিবলৈ আহ্বান ৰাইজৰ

জল জীৱন মিছনৰ অধীনত স্থাপন কৰা পাইপসমূহ কম দিনৰ ভিতৰতে ফাঁটি যোৱাত বিশুদ্ধ পানীৰ পৰিবৰ্তে লেতেৰা পানী ওলাইছে

জল জীৱন মিছনৰ অধীনত স্থাপন কৰা পাইপসমূহ কম দিনৰ ভিতৰতে ফাঁটি যোৱাত বিশুদ্ধ পানীৰ পৰিবৰ্তে লেতেৰা পানী ওলাইছে

জল জীৱন মিছনৰ অধীনত স্থাপন কৰা পাইপসমূহ কম দিনৰ ভিতৰতে ফাঁটি যোৱাত বিশুদ্ধ পানীৰ পৰিবৰ্তে লেতেৰা পানী ওলাইছে

  • Share this:
শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰহসনত পৰিণত হৈছে জল জীৱন মিছন আঁচনি।
বিশেষকৈ শিৱসাগৰ চহৰৰ সমীপৰ কাঠপৰাত এবছৰ পূৰ্বে জলজীৱন মিছনৰ অধীনত স্থাপন কৰা সকলো পাইপ, টেপ বৰ্তমান উঠাই নিবলৈ ৰাইজে দাবী জনাইছে।

উল্লেখ্য যে, জল জীৱন মিছনৰ অধীনত স্থাপন কৰা পাইপসমূহ কম দিনৰ ভিতৰতে ফাঁটি যোৱাত বিশুদ্ধ পানীৰ পৰিবৰ্তে লেতেৰা পানী ওলাইছে। বৰ্তমান প্ৰতিঘৰ মানুহৰ চোতাল, পদূলি লেতেৰা পানীৰে উপচি পৰিছে। জল জীৱন মিছন আঁচনিৰ অধীনত স্থাপন কৰা পাইপসমূহ অতি নিম্নমানৰ হোৱা বাবেই কম দিনৰ ভিতৰতে বিভিন্ন অংশত ফাঁটি পাইপটোৰ বিভিন্ন অংশৰ পৰা পানী নিগৰিব ধৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজ এতিয়া বিপাঙত পৰিছে। সেয়েহে বৰ্তমান জল জীৱন মিছনৰ অধীনত স্থাপন কৰা সকলো পাইপ, টেপ বৰ্তমান উঠাই নিবলৈ স্থানীয় ৰাইজে দাবী কৰিছে।

মন কৰিবলগীয়া যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব বুলি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছিল। অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ হোৱা এ আচঁনিৰ অধীনত পাইপ, টেপ স্থাপন কৰা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি