• Home
  • »
  • News
  • »
  • assam
  • »
  • ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন, কামাখ্যা মন্দিৰৰ পৰাও প্ৰেৰণ কৰা হ’ল ভূ-গৰ্ভৰ পৱিত্ৰ ভূমি আৰু জল

৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন, কামাখ্যা মন্দিৰৰ পৰাও প্ৰেৰণ কৰা হ’ল ভূ-গৰ্ভৰ পৱিত্ৰ ভূমি আৰু জল

সুদীৰ্ঘকাল সংগ্ৰামৰ অন্তত আহি আছে সেই মহেন্দ্ৰ ক্ষণ ৷

সুদীৰ্ঘকাল সংগ্ৰামৰ অন্তত আহি আছে সেই মহেন্দ্ৰ ক্ষণ ৷

সুদীৰ্ঘকাল সংগ্ৰামৰ অন্তত আহি আছে সেই মহেন্দ্ৰ ক্ষণ ৷

  • Share this:
সুদীৰ্ঘকাল সংগ্ৰামৰ অন্তত আহি আছে সেই মহেন্দ্ৰ ক্ষণ৷ ৰাম জন্মভূমি অযোধ্যাত নিৰ্মাণ হ'ব বহু চৰ্চিত ৰাম মন্দিৰ৷ ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ৰাম মন্দিৰৰ ভূমি পূজনলৈ প্ৰেৰণ কৰা হৈছে কামাখ্যা ধামৰ ভূ-গৰ্ভৰ পৱিত্ৰ ভূমি আৰু জল।

'কামাখ্যা দেৱালয়ৰ ভূ-গৰ্ভৰ পৰা পবিত্ৰ ভূমি আৰু জল ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হৈছে'- মন্তব্য কামাখ্যা দেৱালয়ৰ দলৈ কবিন্দ্ৰ শৰ্মাৰ৷ কেৱল কামাখ্যা ধামেই নহয়, প্ৰেৰণ কৰা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ভূ-জলো ৷ সমান্তৰালভাৱে পৰশুৰাম কুণ্ড, ত্ৰিপুৰেশ্বৰী মন্দিৰ, ধনশিৰি আদিৰ পৰাও প্ৰেৰণ কৰা হৈছে মাটি আৰু পানী৷ এই কাৰ্যৰ বাবে বিশেষকৈ বিশ্ব হিন্দু পৰিষদে গ্ৰহণ কৰিছে দায়িত্ব৷



বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ সাধাৰণ সম্পাদক পল্লৱ পৰাশৰে কয়, 'প্ৰতিটো নদ-নদীক হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰে ৷ সেয়েহে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমি আৰু জল প্ৰেৰণ কৰা হৈছে ৷ লগতে কোনো এটা অঞ্চলৰ পৰা ভূমি আৰু জল প্ৰেৰণ কৰিলে সেই স্থানৰ লোকসকলৰ হৃদয়তো ৰাম মন্দিৰৰ প্ৰতি বৃদ্ধি হ'ব আন্তৰিকতা ৷'



কেৱল অসম বা উত্তৰপূৰ্বাঞ্চলে নহয়, দেশৰ প্ৰতিটো প্ৰান্তত থকা পবিত্ৰ স্থানসমূহৰ পৰা ৰাম মন্দিৰৰ ভুমি পূজনৰ বাবে প্ৰেৰণ কৰা হৈছে ভূমি আৰু জল ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি