• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰধানমন্ত্ৰী মোদীক বিশেষ আহ্বান জনালে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে

প্ৰধানমন্ত্ৰী মোদীক বিশেষ আহ্বান জনালে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি জ্বলাবলৈ কৰা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে

  • Share this:
প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি জ্বলাবলৈ কৰা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ক জাকিৰে ক'লে, “প্ৰধানমন্ত্ৰীৰ আহ্বানক ৰাইজে পালন কৰিব ৷ ৰাইজে পালন কৰক ৷ কিন্তু ৰাইজৰো এটা আহ্বান আছে ৷ ৰাইজৰ আহ্বানক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পালন কৰক ৷ ৰাইজৰ আহ্বান হ'ল এই দীঘলীয়া ল’ক ডাউনৰ সময়ত ৰাইজক প্ৰয়োজন হোৱা সামগ্ৰীৰ যোগান ধৰক ৷ আমি জানো যে সকলো সামগ্ৰী যোগান ধৰাতো সম্ভৱপৰ নহয়  ৷ কিন্তু অতি প্ৰয়োজনীয় সামগ্ৰীখিনি যোগান ধৰক ৷”

ইয়াৰ লগতে বিধায়ক জাকিৰ হুছেইনে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰি উভতি অহা সকলকো জনাই বিশেষ আহ্বান ৷ “নিজামুদ্দিন বা বাহিৰৰ পৰা উভতি অহা সকলোৱে স্বাস্থ্য পৰীক্ষা কৰক ৷ ক'ৰোণা সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰক ৷ নিজৰ পৰিয়ালক ৰক্ষা কৰক ৷ অসম আৰু অসমীয়াক ক'ৰোণাৰ পৰা ৰক্ষা পোৱাত চৰকাৰক সহায়-সহযোগ কৰক ৷’
Published by:Himangshu Bhuyan
First published: