মুখ্যপৃষ্ঠা »খবৰ »অসম »Jakir Hussain Sikdar : সদনৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে জাকিৰ হুছেইন শিকদাৰৰ মত- গ্ৰামোন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত হোৱাৰ ভয় চৰকাৰৰ

Jakir Hussain Sikdar : সদনৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে জাকিৰ হুছেইন শিকদাৰৰ মত- গ্ৰামোন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত হোৱাৰ ভয় চৰকাৰৰ

''অসমত মুঠ সক্ৰিয় জব কাৰ্ড আছে ৪১ লাখ ৩৬ হাজাৰ, মাত্ৰ ৭০ হাজাৰ লোকৰহে জব কাৰ্ড ইছ্যু কৰা হৈছে''- হুছেইন

''অসমত মুঠ সক্ৰিয় জব কাৰ্ড আছে ৪১ লাখ ৩৬ হাজাৰ, মাত্ৰ ৭০ হাজাৰ লোকৰহে জব কাৰ্ড ইছ্যু কৰা হৈছে''- হুছেইন

''অসমত মুঠ সক্ৰিয় জব কাৰ্ড আছে ৪১ লাখ ৩৬ হাজাৰ, মাত্ৰ ৭০ হাজাৰ লোকৰহে জব কাৰ্ড ইছ্যু কৰা হৈছে''- হুছেইন

  • Share this:
বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰক মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিলে অধ্যক্ষই। অধ্যক্ষৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছে।

প্ৰতিবাদত কংগ্ৰেছে প্ৰশ্নোত্তৰ শিতান বৰ্জন কৰি ওলাই আহে সদনৰ পৰা৷ কংগ্ৰেছৰ ৰকিবুল হুছেইনে অভিযোগ কৰি কয় যে এম জি এনৰেগা (MG-NREGA) সন্দৰ্ভত চৰকাৰে দায়সাৰিব বিচাৰিছে।

ইয়াৰ লগতে বিৰোধীক প্ৰশ্ন সোধাৰ সুবিধা নিদিয়াৰ অভিযোগ তোলে দেৱব্ৰত শইকীয়াই৷ আনহাতে জাকিৰ হুছেইন শিকদাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিল৷ কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত হোৱাৰ ভয়ত হুছেইনক প্ৰশ্ন উত্থাপন কৰাৰ সুবিধা নিদিয়াৰ অভিযোগ তোলে তেওঁ।

হুছেইনে কয় যে অসমত মুঠ সক্ৰিয় জব কাৰ্ড আছে ৪১ লাখ ৩৬ হাজাৰ৷ মাত্ৰ ৭০ হাজাৰ লোকৰহে জব কাৰ্ড ইছ্যু কৰা হৈছে অসমত৷ চৰকাৰে কোৱা মতে অসমত ৭ কোটি কৰ্মদিনৰ সূচনা কৰা হৈছে৷ কিন্তু কৰ্মদিন সূচনা কৰিব লাগিছিল ৪০ কোটি, কাৰণ অসমত এক্টিভ জব কাৰ্ডৰ সংখ্যা ৪০ হাজাৰ। এই ৪০ হাজাৰ জব কাৰ্ডক ১০০ দিনকৈ কাম দিলে হ’ব ৪০ কোটি।

হুছেইনে লগতে কয় যে চৰকাৰে পুঁজিৰ অভাৱৰ বাবে এনে কৰিব পৰা নাই৷ কৰ্মদিনৰ সূচনা কৰাত ব্যৰ্থ হৈছে চৰকাৰ৷ অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামহে কিছু সম্পন্ন হৈছে৷ গতিকে এনে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰিছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য, উপ দলপতি ৰকিবুল হুছেইনে জাকিৰ হুছেইন শিকদাৰৰ নিলম্বনটো উঠাই লোৱাৰ বাবে অনুৰোধ জনোৱাৰ পিছত অধ্যক্ষই ডেপুটি লীডাৰৰ অনুৰোধত এয়া উঠাই লোৱা বুলি ঘোষণা কৰি শিকদাৰক উপস্থিত থাকিব পাৰিব বুলি আদেশ দিয়ে। ইয়াৰ পিছতে সদনত উপস্থিত থাকে জাকিৰ হুছেইন শিকদাৰ।

শেহতীয়া বাতৰি