২০১৬ত জয়ী হোৱা কোনো সমষ্টিয়েই AIUDFক এৰি নিদিয়ে কংগ্ৰেছে!

News18 Assam | News18-Assam
Updated:September 14, 2020, 5:25 PM IST
২০১৬ত জয়ী হোৱা কোনো সমষ্টিয়েই AIUDFক এৰি নিদিয়ে কংগ্ৰেছে!
নতুনকৈ অসমৰ দায়িত্ব দিয়া জীতেন্দ্ৰ সিঙক লৈ আশাবাদী কংগ্ৰেছ৷ জীতেন্দ্ৰ সিঙে দায়িত্ব লোৱাৰ পিছতে সলনি হ'ব হেনো প্ৰায়ে  নিস্প্ৰভ হৈ থকা ৰাজীৱ ভৱন৷

নতুনকৈ অসমৰ দায়িত্ব দিয়া জীতেন্দ্ৰ সিঙক লৈ আশাবাদী কংগ্ৰেছ৷ জীতেন্দ্ৰ সিঙে দায়িত্ব লোৱাৰ পিছতে সলনি হ'ব হেনো প্ৰায়ে  নিস্প্ৰভ হৈ থকা ৰাজীৱ ভৱন৷

  • News18 Assam
  • Last Updated: September 14, 2020, 5:25 PM IST
  • Share this:
কংগ্ৰেছ-AIUDFৰ আনুষ্ঠানিক মিত্ৰতা সম্পন্ন নৌহওঁতেই আসনকেন্দ্ৰীক সংঘাতৰ সূচনা হৈছে৷ ২০১৬ত জয়ী হোৱা কোনো এটা সমষ্টিকেই কংগ্ৰেছে AIUDFক এৰি দিয়াৰ পক্ষত নাই৷ ইয়াৰ বিপৰীতে AIUDFৰ দুৰ্বল স্থিতি থকা সমষ্টি কুক্ষিগত কৰাৰ বাবে চলাইছে ব্লুপ্ৰিণ্ট৷

AIUDFৰ হাতত হাত ধৰি কংগ্ৰেছে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ চলাইছে ব্যাপক প্ৰস্তুতি৷ এইক্ষেত্ৰত মহাজোঁটবন্ধনৰ প্ৰক্ৰিয়া চলি আছে যদিও সম্পূৰ্ণ হৈ উঠা নাই৷ কিন্তু মহাজোঁট বন্ধনৰ প্ৰস্তুতি সম্পন্ন নৌপাওঁতেই আসন ভাগ-বতৰাক লৈ কংগ্ৰেছ-AIUDFৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধৰ৷ কোনে কাক কিমান আসন এৰি দিব?

এই লৈ চলিছে দল দুটাৰ মাজত ব্যাপক চৰ্চা৷ ইয়াৰ মাজতে সোমবাৰে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই সন্দৰ্ভত খুলিলে মুখ৷ শিকদাৰে ক'লে- “২০১৬ত জয়ী হোৱা এখনো আসন এৰি দিয়া নহ'ব AIUDFক৷ বাকী AIUDFৰ দুৰ্বল স্থিতি থকা বা পৰাজয়বৰণ কৰিবলগীয়া সমষ্টিকেইটা ল'ব কংগ্ৰেছে আৰু কংগ্ৰেছে জয়ী হৈ আহিব৷”

সমষ্টি ভাগ-বতৰা সন্দৰ্ভত ভোটৰ ব্যৱধানৰ ব্যাখ্যা দি এইবাৰ বিধায়ক জাকিৰে ক'লে- “২০১৬ৰ নিৰ্বাচনত AIUDFৰ বিৰুদ্ধে ৫০-৭০ হাজাৰ ভোটৰ ব্যৱধানত আমি বহুকেইটা সমষ্টিত কংগ্ৰেছ জয়ী হৈছিলো৷ সেই সমষ্টিকেইটা কি যুক্তিত কংগ্ৰেছে-AIUDFক এৰি দিব? এয়া হ'বই নোৱাৰে৷”

ইপিনে, নতুনকৈ অসমৰ দায়িত্ব দিয়া জীতেন্দ্ৰ সিঙক লৈ আশাবাদী কংগ্ৰেছ৷ জীতেন্দ্ৰ সিঙে দায়িত্ব লোৱাৰ পিছতে সলনি হ'ব হেনো প্ৰায়ে  নিস্প্ৰভ হৈ থকা ৰাজীৱ ভৱন৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ দাবী- “নিশ্চিতকৈ নতুন ইনচাৰ্জে দায়িত্ব ল'লে সলনি হ'ব ৰাজীৱ ভৱন৷ আমি যুৱ কংগ্ৰেছ কৰাৰ সময়ত তেওঁক আমি গুৰিয়াল হিচাপে পাইছিলো৷ তেওঁৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছ প্ৰাণ পাই উঠিব আৰু নতুন উদ্যমৰে আমি আগবাঢ়িব পাৰিম৷”

অৱশ্যে ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ মাজলৈ কেনেদৰে যাব, সেয়া হ'ব লাখটকীয়া প্ৰশ্ন৷
Published by: Sanjay Kumar Das
First published: September 14, 2020, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading