কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰে বাহৰ পাতিছে চোৰাং চিকাৰীয়ে। আজি পুৱা নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক জন দাস, পৰিদৰ্শক সোমেশ্বৰ কোঁৱৰ আৰু জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বাগৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চোৰাং চিকাৰী প্ৰদীপ মুৰাক।
আৰক্ষীয়ে চোৰাং চিকাৰীটোৰ পৰা উদ্ধাৰ কৰিছে ৭জাই সজীৱ গুলী সহ এটা। 22ৰাইফল আৰু এটা থ্ৰী নট থ্ৰী ৰাইফল। শেহতীয়াভাৱে বিভিন্ন প্ৰতিবাদ আৰু আন্দোলনত ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অৱনমিত হোৱাৰ ফলত আৰক্ষীৰ ব্যস্ততাৰ সুযোগ লৈ কাজিৰঙাত গড় হত্যা কৰাৰ পৰিকল্পনা কৰিছে চোৰাং চিকাৰীয়ে। উল্লেখযোগ্য যে নগাঁও আৰক্ষীৰ চোকা পহৰাৰ বাবে ২০১৯চনত বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত এটাও গঁড় হত্যা কৰিব পৰা নাছিল চোৰাং চিকাৰীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 08, 2020, 10:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।