
বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী৷
বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী৷
২০১৯ আৰু ২০২০ বৰ্ষৰ ৰূপকাৰ বঁটা প্ৰদান। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা আৰু অভিনেতা অৰুন নাথলৈ এই বঁটা৷ প্ৰয়াত সাংবাদিক, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত ২০১১ চনৰ পৰা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলক প্ৰদান কৰি অহা হৈছে এই বঁটা ৷ ২০১১ চনৰ পৰা ক্ৰমে ৰত্ন ওজা, তপন দাস, মুনিন বৰুৱা, অৰুণলোচন দাস, শশী ফুকন, নয়ন প্ৰসাদ, সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু ২০১৮ চনত তপন দাসক প্ৰদান কৰা হৈছিল এই বঁটা ৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী৷
প্ৰয়াত পবিত্ৰ কুমাৰ ডেকা আছিল ‘সাদিন’ কাকতৰ সাংস্কৃতিক পৃষ্ঠাৰ দায়িত্বত৷ সুদীৰ্ঘ সময়কাল ডেকাই সাংস্কৃতিক পৃষ্ঠাটোৰ চোৱাচিতা কৰিছিল৷ অনুৰাধা শৰ্মা পুজাৰীয়ে ২০০১ চনত সাদিন কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰাৰ সময়ছোৱাৰ পৰা তেওঁৰ মৃত্যুৰ দিন প্ৰৰ্যন্ত কেনেদৰে সান্নিধ্যলৈ আহিছিল তাক সোঁৱৰে ৷ পবিত্ৰ কুমাৰ ডেকাই অসমৰ সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণৰ বাবে আগভাগ লৈছিল৷ তাৰ বাবে ডেকাই পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভ গঠন কৰিছিল৷ য’ত সংৰক্ষণ কৰি ৰখা হৈছে অসমৰ বহু দুষ্প্ৰাপ্য সমল৷ বিশেষকৈ আৰ্কাইভত চলচ্চিত্ৰ বিষয়ৰ গ্ৰন্থ,আলোচনী, বাতৰি কাকত, আলোকচিত্ৰ, কেছেট, চিডি, ভিচিডি, স্মৰণিকা আৰু বিভিন্নধৰনৰ পুস্তিকা সংৰক্ষণ কৰি ৰখা হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|