মুখ্যপৃষ্ঠা »খবৰ »অসম »CABৰ বিৰুদ্ধে জাহ্নু বৰুৱাৰ প্ৰতিবাদ, ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ ছবিৰ নাম প্ৰত্যাহাৰ

CABৰ বিৰুদ্ধে জাহ্নু বৰুৱাৰ প্ৰতিবাদ, ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ ছবিৰ নাম প্ৰত্যাহাৰ

পদ্মভূষণ বঁটা বিজয়ী ছবি পৰিচালকগৰাকী তথা তেওঁৰ টীমে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰত্যাহাৰ কৰে ‘ভগা খিৰিকী’ৰ নাম।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই। বিধেয়কখনৰ বিৰোধিতা কৰি জাহ্নু বৰুৱা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা প্ৰত্যাহাৰ কৰিছে নিজৰ ছবিৰ নাম। ‘ভগা খিৰিকী’ৰ নাম প্ৰত্যাহাৰ কৰিলে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালকগৰাকীয়ে।

পদ্মভূষণ বঁটা বিজয়ী ছবি পৰিচালকগৰাকী তথা তেওঁৰ টীমে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰত্যাহাৰ কৰে ‘ভগা খিৰিকী’ৰ নাম। জাহ্নু বৰুৱাই কয় – যি হৈ আছে এয়া অতি দুৰ্ভাগ্যজনক। এজন শিল্পী আৰু নাগৰিক হিচাপে মই আঘাত পাইছো। সেয়েহে মই ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি