আমাক নালাগে চাচা মামাৰ ভোট, লোকেল মুৰ্গীৰ ভোটো নালাগে আমাকঃ হিমন্ত বিশ্ব শৰ্মা
নিৰাপত্তা বেষ্টনীৰ মাজেৰে আগবাঢ়িছে বিজেপিৰ শান্তি বিচাৰি সমদল। সমগ্ৰ ৰাজ্যত এতিয়াও ধাৰাবাহিক ভাবে চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতে জাগীৰোডত বিজেপিৰ ঐক্য আৰু শান্তি বিচাৰি সমদল। জাগীৰোড মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা হয় এই সমদল।
বিজেপিয়ে উলিওৱা সমদলৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে আয়োজন কৰা এখন সভা। সভাত হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি ল’লে ৰাজ্যৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰামক নেতৃত্ব দিয়া সকলক। ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোঁহাই আৰু অজিত কুমাৰ ভূঞাকa আক্ৰমণৰ লক্ষ্য কৰি ল’লে হিন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় , ‘এই সকল বুদ্ধিজীৱিয়ে কলেজৰ ছাত্ৰ–ছাত্ৰীক পঢ়া শুনা নকৰি আন্দোলন কৰিবলৈ কয়।’
অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গকো পৰোক্ষ ভাবে আক্ৰমণ কৰে। হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ‘ মোৰ অসমীয়া আই সকলক ‘কে’ বুলি কৈ বেয়া শব্দ কোৱাবলৈ সাহস নাই। মই কম শংকৰ, আপোনালোকে ক’ব মাধৱ, মই কম ৰাম, আপোনালোকে কব কৃষ্ণ।’
মন্ত্ৰী হিমন্তৰ নতুন শ্ল’গানে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|