জাগীৰোড আৰক্ষীয়ে বুধবাৰে নিশা জব্দ কৰিবলৈ সক্ষম হয় ৬ টাকৈ চোৰাং গৰু ৷ আৰক্ষী বিষয়া বন্টি সন্দিকৈৰ নেতৃত্বত জাগীৰোড আৰক্ষীৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় গৰুকেইটা ৷
জাগীৰোডৰ পৰা গুৱাহাটীৰ দিশে গৈ থকা অৱস্থাত জব্দ কৰে AS01-KC-5708 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহন ৷ উক্ত বাহনখনতে কঢ়িয়াই আনিছিল গৰুকেইটা ৷
অৱশ্যে আৰক্ষীয়ে গাড়ীখন তালাচী চলোৱাৰ সময়তে পলায়ন কৰে চালকে ৷ সম্প্ৰতি জাগীৰোড আৰক্ষী থানাত ৰখা হৈছে জব্দকৃত গৰুকেইটাৰ লগতে বাহনখন ৷
উল্লেখ্য যে, জাগীৰোডৰ এটা বৃহৎ চক্ৰই আৰক্ষীৰ চকুত ধুলি দি দৈনিক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি থকাৰ অভিযোগ দীৰ্ঘদিনৰ ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 29, 2023, 23:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।