• Home
  • »
  • News
  • »
  • assam
  • »
  • ঘৰত আছে পত্নী আৰু দুই সন্তান, তাৰ পিছতো ফেচবুকত প্ৰেম কৰি পলুৱাই আনিলে এজনীক, এতিয়া প্ৰেমিকৰ এই দশা

ঘৰত আছে পত্নী আৰু দুই সন্তান, তাৰ পিছতো ফেচবুকত প্ৰেম কৰি পলুৱাই আনিলে এজনীক, এতিয়া প্ৰেমিকৰ এই দশা

ফোন আৰু মেছেজৰ মাজেৰে প্ৰেম চলিল দুয়োৰে মাজত ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে দুটি সন্তানৰ পিতৃ ইনতাজ আলীয়ে৷

ফোন আৰু মেছেজৰ মাজেৰে প্ৰেম চলিল দুয়োৰে মাজত ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে দুটি সন্তানৰ পিতৃ ইনতাজ আলীয়ে৷

ফোন আৰু মেছেজৰ মাজেৰে প্ৰেম চলিল দুয়োৰে মাজত ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে দুটি সন্তানৰ পিতৃ ইনতাজ আলীয়ে৷

  • Share this:
প্ৰথমে ফেচবুকত চিনাকি আৰু তাৰ পিছত প্ৰেম৷ এগৰাকী যুৱতীক প্ৰলোভনেৰে পলুৱাই আনি ৰঙাঘৰৰ আলহী হ’ল প্ৰেমিক৷ নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি বৰপেটাৰ পৰা এগৰাকী যুৱতীক পলুৱাই আনিছিল ইনতাজ আলী নামৰ বিবাহিত লোকজনে৷

যুৱতীৰ সৈতে প্ৰথমে ফেচবুকত চিনাকি৷ আৰু তাৰ পিছত প্ৰেম৷ প্ৰেমৰ উন্মাদনাত দুই সন্তানৰ পিতৃয়ে পলুৱাই আনিলে যুৱতীক৷ বৰপেটাৰ পৰা পলোৱাই যুৱতীক আনিলে জাগীৰোডলৈ৷ পিছে ফেচবুকত চিনাকি হোৱা দুৰ্দান্ত প্ৰেমিক এতিয়া ৰঙাঘৰৰ আলহী৷

ঘটনা অনুসৰি, ইনতাজ আলী নামৰ বিবাহিত লোকজনে বিগত প্ৰায় ৪ বছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল বৰপেটাৰ এগৰাকী যুৱতীৰ সৈতে৷ প্ৰকৃত নাম গোপনে ৰাখি নিজকে বনজিৎ বুলি যুৱতীগৰাকীক চিনাকি দিছিল মৰিগাঁও জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বুৱালগুৰি গাঁৱৰ ইনতাজে৷ তাৰ পিছৰে পৰা দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম৷ ফোন আৰু মেছেজৰ মাজেৰে প্ৰেম চলিল দুয়োৰে মাজত ৷ অৱশেষত যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই আনে দুটি সন্তানৰ পিতৃ ইনতাজ আলীয়ে৷

বৰপেটাৰ পৰা আনি যুৱতীগৰাকীক লৈ জাগীৰোডৰ অলিয়ে–গলিয়ে ঘূৰি ফুৰিছিল দুয়ো৷ দুয়োগৰাকীৰ চাল চলনত সন্দেহ ওপজাত স্থানীয় লোকে সোধা–পোছা কৰে৷ আৰু তেতিয়াই ওলাই পৰে উৰহী গছৰ ওৰ৷ তাৰ পিছতে স্থানীয় লোকে জাগীৰোড আৰক্ষীক চমজাই দিয়ে দুুয়োকে৷ জাগীৰোড আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়াৰ লগতে যোগাযোগ কৰিছে বৰপেটা আৰক্ষীৰ সৈতে৷ এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে জাগীৰোড আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি